সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- নিবনুৱাসকলৰ বাবে ডাঙৰ খবৰ। পুনৰ ২ লাখ পদত দিয়া হ’ব নতুন নিযুক্তি। ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণৰ পাছত এইবাৰ ২ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে। ২০২৬ চনত শাসনলৈ অহাৰ পিছতে ২ লাখ শিক্ষিত যুৱক-যুৱতীয়ে লাভ কৰিব চাকৰি। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ এই ডাঙৰ ঘোষণা কৰে।
- ঘন কুঁৱলীৰ বাবে বন্ধ ৰখা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি IWT বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত ব্যাহত হৈ থাকিব ফেৰীসেৱা।
- আজি অসম চৰকাৰ, কাৰ্বি পৰিষদ আৰু প্ৰতিবাদকাৰীৰ আলোচনা হব। দিছপুৰত বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব বৈঠক। এই বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
- ডিজিটেল গ্ৰেপ্তাৰৰ সৈতে জড়িত এক বৃহৎ চাইবাৰ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত বৃহৎ ব্যৱস্থা বলবৎ কৰে ED য়ে। ২২ ডিচেম্বৰত জলন্ধৰ খণ্ড কাৰ্যালয়ৰ এটা দলে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, আৰু অসমৰ ১১টা স্থানত একেলগে অভিযান চলায়। PMLA ৰ অধীনত চলি থকা ধন সৰবৰাহৰ তদন্তৰ অংশ হিচাপে এই কাৰ্য্য সংঘটিত কৰা হৈছিল। অভিযানৰ সময়ত অসংখ্য নথি-পত্ৰ আৰু ডিজিটেল ডিভাইচ উদ্ধাৰ কৰি জব্দ কৰা হয়। লুধিয়ানা চাইবাৰ ক্ৰাইম থানাত পঞ্জীয়ন হোৱা এফআইআৰৰ ভিত্তিত ইডিয়ে এই তদন্ত আৰম্ভ কৰিছিল। পিছত একেটা গেঙৰ সৈতে জড়িত অতিৰিক্ত ৯টা ডিজিটেল গ্ৰেপ্তাৰ/চাইবাৰ অপৰাধৰ এফআইআৰ বিভিন্ন আৰক্ষী সংস্থাই দাখিল কৰে, যিবোৰ এই তদন্তত অন্তৰ্ভুক্ত কৰা হয়।
- উত্তৰ-পশ্চিম নাইজেৰিয়াত আইছিছৰ সন্ত্ৰাসবাদী ঘাটিত আমেৰিকাই বৃহৎ পৰিসৰৰ বিমান আক্ৰমণ চলাইছে। এই আক্ৰমণ সন্দৰ্ভত নাইজেৰিয়া চৰকাৰে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে। চৰকাৰে কয় যে, সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাকে ধৰি আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ দেশসমূহৰ সৈতে নিৰাপত্তা আৰু চোৰাংচোৱাৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰাখিছে। এই সহযোগিতাৰ অংশ হিচাপে এই বিমান আক্ৰমণে উত্তৰ-পশ্চিম নাইজেৰিয়াৰ সন্ত্ৰাসবাদী লক্ষ্যক লক্ষ্য কৰি লৈছিল।









