No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দিনৰ ২:৩৫ বজাত গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। গুৱাহাটীত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। বিয়লি ৪:১৫ বজাত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ ক’লেজৰ পৰা নেপালী মন্দিৰলৈ ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে। ৰোড শ্ব’ৰ পাছতেই বাজপেয়ী ভৱনৰ কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হব। নিশাটো গুৱাহাটীত অতিবাহিত কৰি দেওবাৰে ঢেকিয়াজুলি আৰু নলবাৰীত জনসভা সম্বোধন কৰিব অমিত শ্বাহে।
- কংগ্ৰেছ-AIUDF শূন্য হোৱাৰ দিশে চামগুৰি সমষ্টি। শ শ মুছলমান লোকে যোগ দিলে বিজেপিত। কংগ্ৰেছ-AIUDF ত্যাগ কৰি বিজেপিত যোগদান মুছলমান লোকৰ। বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান সংখ্যালঘু ৰাইজৰ। চৰকাৰৰ উন্নয়ন আৰু নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিক যোগ দিলে মুছলমান লোকসকলে।
- শ্ৰীনগৰ-লেহ ঘাইপথত নিৰাপদ আৰু সৰ্ববতৰৰ বাবে সংযোগ সুনিশ্চিত কৰাৰ বাবে লাডাখৰ ফটু লা পাছৰ সিপাৰে ১,১৯৬.২২ কোটি টকাৰ সুৰংগ প্ৰকল্পত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা ঘোষণা কৰে। তেওঁ কয় যে, এই প্ৰকল্পত ৰাষ্ট্ৰীয় ঘাইপথ ১ৰ এপ্ৰ’চ ৰোডৰ লগতে একমুখী টুইন টিউব সুৰংগও অন্তৰ্ভুক্ত কৰা হৈছে।
- বাংলাদেশত নিষিদ্ধ হ’ল গীতা পাঠ। গীতা পাঠ নিষিদ্ধ কৰিলে জামাত-এ-ইছলামীয়ে। স্বাধীনতা দিৱসৰ লগত আয়োজিত অনুষ্ঠানত গীতাপাঠ নিষিদ্ধ ঘোষণা। কোৰাণৰ লগতেই গীতা পাঠৰ আয়োজন কৰিছিল একাংশ লোকে। সাংসদ মুজীবুৰ ৰহমান আৰু জামাত-এ-ইছলামীৰ নায়েব-এ আমিৰে আৰোপ কৰে নিষেধাজ্ঞা। একাংশৰ বিৰোধিতাৰ পিছতে এই সন্দৰ্ভত বিষয়াসকলৰ পৰা উত্তৰ বিচাৰিছে বাংলাদেশ চৰকাৰে।
- আমেৰিকাৰ সেনাৰ ওপৰত কৰিলে ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ৬টা বেলিষ্টিক মিছাইলেৰে UAEত থকা আমেৰিকাৰ সেনাৰ ঘাটীত আক্ৰমণ। ৯খন ড্ৰোণৰ দ্বাৰা ইৰাণে দেখুৱালে এই দুৰ্দান্ত শক্তি। আমেৰিকাৰ সেনাৰ ঘাটীৰ ওপৰত আক্ৰমণ কৰিম বুলি কোৱাৰ এঘণ্টা পিছতেই এই আক্ৰমণ কৰে ইৰাণে।
No Result
View All Result