No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- ৰাজ্যত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। খানাপাৰাৰ পৰা হেলিকপ্টাৰ লৈ ঢেকীয়াজুলি, নলবাৰীলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। ঢেকীয়াজুলি আৰু নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে। তেওঁ ঢেকীয়াজুলিত বিজেপি প্ৰাৰ্থী অশোক সিংহলৰ হৈ চলাব প্ৰচাৰ। ঢেকীয়াজুলি চাহ বাগিচাৰ ফুটবল খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব। নলবাৰীতো NDAৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সম্বোধন কৰিব জনসভা।
- বাজপেয়ী ভৱনত আজি বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ অধ্যক্ষতাত হ’ব বৈঠক। বহুকেইখন জিলাক সামৰি হ’ব এই বৈঠক। পলাশবাৰী, নগাঁও আৰু যোৰহাটতো বৈঠকত ভাগ ল’ব বি এল সন্তোষ। লগতে আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। ডিব্ৰুগড়ত ‘মন কী বাত’ অনুষ্ঠানত অংশ ল’ব নীতিন নবীনে। মাৰ্ঘেৰিটাত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।ন্ধিয়া ধেমাজি আৰু লখিমপুৰ জিলাৰ কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হ’ব নীতিন নবীন।
- আজি অসমলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে। নাওবৈচাত কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰৰকাশ দাসৰ হৈ প্ৰচাৰ চলাব মল্লিকাৰ্জুন খৰ্গেই। নাওবৈচাৰ খাৰখাটিত খৰ্গেই সম্বোধন কৰিব বিশাল জনসভা। লখিমপুৰতো AICCৰ সভাপতিগৰাকীয়ে বিশাল জনসভাত অংশগ্ৰহণ কৰিব।
- ৰাজ্যত প্ৰবল ধুমুহা-বৰষুণৰ সতৰ্কবাণী। বৰষুণৰ লগতে ৭০-৮০ কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা। ইতিমধ্যে কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ আৰু ইয়েল’ এলাৰ্ট। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, দৰং, ওদালগুৰি, বাক্সা, নলবাৰী, বৰপেটা, তামুলপুৰ, কামৰূপ মহানগৰ, কামৰূপ, বজালী, গোৱালপাৰা, চিৰাং, মানকাচৰ,পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি, কাছাৰ, ডিমা হাচাও, শ্ৰীভূমি, ধেমাজি আৰু লখিমপুৰত ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে। লগতে এই জিলাকেইখনত মূষলধাৰ বৰষুণ, বিজুলি-ঢেৰেকনি, বজ্ৰপাত হোৱাৰ আশংকা কৰা হৈছে।
No Result
View All Result