No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- চৌদিশে বলিছে নিৰ্বাচনী বতাহ। আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুধবাৰে ধেমাজিৰ গোগামুখ, বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি নিশা ডিব্ৰুগড়তে কটাব প্ৰধানমন্ত্ৰীয়ে।
- আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। বাজপেয়ী ভৱনত বিত্তমন্ত্ৰীৰ উপস্থিতিত উন্মোচন হ’ব বিজেপিৰ সংকল্প পত্ৰ। লগতে নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। তেজপুৰত NDAৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব ৰাজনাথ সিঙে। আকৌ জোনাইত ভূৱন পেগুৰ হৈ প্ৰচাৰ চলাব স্মৃতি ইৰাণীয়ে।
- সমাগত বিধানসভা নিৰ্বাচন। আজি ৪টাকৈ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰহা, ডিমৰীয়া, বৰক্ষেত্ৰী আৰু কমলপুৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা।
- পঞ্জাৱৰ অমৃতসৰত এক প্ৰচণ্ড বিস্ফোৰণে আতংকৰ সৃষ্টি কৰে। অমৃতসৰ থানাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণে আতংকৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত। এই ঘটনাৰ পিছতে আৰক্ষীয়ে এক সম্যক তদন্ত আৰম্ভ কৰিছে। অমৃতসৰৰ ৰাজসংসী অঞ্চলৰ একাংশ গাঁৱৰ লোকে ২৯ মাৰ্চ) আৰু ৩০ মাৰ্চৰ মাজনিশা তীব্ৰ বিস্ফোৰণৰ দৰে শব্দ শুনা বুলি জনাইছে। ইয়াৰ পিছতে স্থানীয় নিৰাপত্তা সংস্থা আৰু আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে।
- ইতিমধ্যে বিশ্বজুৰি চলি থকা উত্তেজনা বৃদ্ধি কৰাৰ ভাবুকি দি ইৰাণৰ বিৰুদ্ধে অতি আগ্ৰাসী আৰু কঠোৰ বিবৃতি প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি ট্ৰাম্পে সকীয়াই দিয়ে যে যদিহে ষ্ট্ৰেইট অৱ হৰমুজ তৎক্ষণাত বাণিজ্যৰ বাবে মুকলি কৰা নহয়, তেন্তে আমেৰিকাই ইৰাণত বৃহৎ সামৰিক আক্ৰমণ চলাব।
No Result
View All Result