সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
চৌদিশে বলিছে নিৰ্বাচনী বতাহ। নিৰ্বাচনী প্ৰচাৰৰ অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত সম্বোধন কৰিব বিশাল জনসভা। লগতে আজি ৪ খন জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। টংলা, গোৰেশ্বৰ, টিহু, হাজো, শুৱালকুছিত মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ।
কাইলৈ পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কলিয়াবৰত জনসভাক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। কলিয়াবৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলাব গৃহমন্ত্ৰীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ কলিয়াবৰত ব্যাপক তৎপৰতা।
নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধী। নাজিৰাত দলীয় প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ চলাব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। লগতে টিংখাঙত কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈৰ হৈ আৰু খোৱাঙত মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে।
জুবিন গাৰ্গক ৰাজনীতি কৰাসকল যাব লাগিব জে’ললৈ! ‘এটা এটাকৈ ধৰি গ্ৰেপ্তাৰ কৰা হ’ব ৰাজনীতি কৰাসকলক’। জুবিন গাৰ্গৰ ন্যায়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, জুবিন গাৰ্গক লৈ জঘন্য পলিটিক্স কৰিছে কংগ্ৰেছে। ইনক্লুছিভ মাইণ্ডেৰে আলোচনা কৰাৰ ভিডিঅ’ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।
আমেৰিকাৰ টেক কোম্পানীক লক্ষ্য কৰি ইৰানে দিয়া ভাবুকিৰ প্ৰতিশোধ ল’ব আমেৰিকাই। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডছৰ সতৰ্কবাণী দিয়ে যে, যদিহে ইৰাণৰ অধিক নেতাক হত্যা কৰা হয়, তেন্তে গুগল আৰু মাইক্ৰ’ছফ্টকে ধৰি আমেৰিকাৰ টেক কোম্পানীসমূহক লক্ষ্য কৰি লোৱা হ’ব। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে হোৱাইট হাউছৰ এই বিবৃতি প্ৰকাশ কৰিছে যে ইৰানে দিয়া এই ভাবুকিৰ অৱশ্যেই প্ৰতিশোধ ল’ব আমেৰিকাই।











