সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি ঘৰে ঘৰে যাব যাব উচ্ছেদৰ জাননী। মাঘ বিহুৰ পিছতে কাৰ্বি আংলঙত চলিব বৃহৎ উচ্ছেদ অভিযান চলিব। কাৰ্বি আংলঙৰ VGR, PGR ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ।বকলীয়াঘাটৰ ইৰিগেচনৰ ভূমিত চলিব বুলড’জাৰ। ইয়াৰোপৰি VGR, PGR ত বসবাস কৰাসকললৈ প্ৰেৰণ কৰা হ’ব জাননী। ১৫ দিনৰ ভিতৰত ঘৰ খালী কৰাৰ আজি নিৰ্দেশ দিব প্ৰশাসনে। চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব আজি জাননী প্ৰেৰণ কৰা হ’ব। দল-সংগঠনৰে আলোচনাৰ অন্তত এই ঘোষণা CEM তুলিৰাম ৰংহাঙৰ।
- প্ৰচণ্ড ঠাণ্ডাৰ মাজৰে নতুন বছৰক আদৰিবলৈ সাজু দেশৱাসী। ইফালে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে নৱবৰ্ষৰ এদিন পূৰ্বে দেশৰ কেইবাটাও প্ৰান্তত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। বৰষুণৰ পিছত সৰ্বোচ্চ উষ্ণতা ৩ৰ পৰা ৪ ডিগ্ৰী হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। তদুপৰি ১৫খনতকৈও অধিক ডাঙৰ চহৰত ঘন কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰিছে আই এম ডিয়ে।তথ্য অনুসৰি অহা ৩১ ডিচেম্বৰত উত্তৰ ভাৰতৰ পাঁচখন ৰাজ্যত বতৰৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে। দিল্লী, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, কাশ্মীৰ, আৰু হাৰিয়ানাৰ বাবে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অহা তিনিদিনলৈ তামিলনাডুৰ বহু ঠাইত সামান্যৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।
- দেশৰ প্ৰতিৰক্ষা সামৰ্থ্য আৰু অধিক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য সাফল্য লাভ কৰা হৈছে। সোমবাৰে ভাৰতে পিনাকা লং ৰেঞ্জ গাইডেড ৰকেট (এল আৰ জি আৰ)ৰ প্ৰথমটো উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। ওড়িশাৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জত এই পৰীক্ষা সম্পন্ন কৰা হয়।প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ’) বিকশিত কৰা ৰকেট ব্যৱস্থাটোৰ এই আপডেট কৰা সংস্কৰণটো নিখুঁত আক্ৰমণৰ ক্ষমতা আৰু ফলপ্ৰসূ দীৰ্ঘ দূৰত্বৰ আক্ৰমণৰ বাবে ডিজাইন কৰা হৈছে। এই সাফল্যৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ক অভিনন্দন জ্ঞাপন কৰে।
- দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দেহাৱসান। আজি তেওঁৰ বিৰোধী দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে এই খবৰ নিশ্চিত কৰে। এক প্ৰতিবেদন অনুসৰি, ৮০ বছৰীয়া খালেদা জিয়া লিভাৰ চিৰ’ছিছ ৰোগত আক্ৰান্ত হৈ আছিল। চিকিৎসকে তেওঁ বাতবিষ আৰু ডায়েবেটিছৰ লগতে হৃদৰোগতো আক্ৰান্ত আছিল বুলি নিশ্চিত কৰে।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফ্ল’ৰিডাৰ মাৰ-এ-লাগো বিচ ক্লাবত সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। এই বৈঠকৰ সময়ত ট্ৰাম্পে স্থবিৰ হৈ পৰা গাজাৰ শান্তি পৰিকল্পনাৰ পৰৱৰ্তী পৰ্যায়টো আগুৱাই নিয়াৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে। এই আলোচনাত লেবানন আৰু ইৰাণত হিজবুল্লাহক লৈ ইজৰাইলৰ উদ্বেগকো সম্বোধন কৰা হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে চলিত মাহৰ আৰম্ভণিতে কৈছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল কাৰণ ৱাশ্বিংটনে গাজা ষ্ট্ৰিপৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী স্থাপনৰ চেষ্টা চলাইছে, আনহাতে ইজৰাইলে আগবাঢ়ি যাবলৈ দ্বিধাবোধ কৰিছে।









