সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
আজি ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০:৩০ বজাত ঘোষণা কৰা হ’ব এই ফলাফল। ১৬ টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল। SEBAৰ মোবাইল এপযোগে শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল।
ৰূপহীহাটত EVM কঢ়িয়াই নিয়া ট্ৰেভেলাৰ বাহন বিকল হৈ পৰাক লৈ চাঞ্চল্য। চামগুৰি সমষ্টিৰ শিঙিমাৰীৰ পৰা EVM মেচিন কঢ়িয়াই অনা হৈছিল বাহনখনত। নিশাৰ ভাগলৈকে শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছিল ভোটদান। ভোটদানৰ শেষত ছিল কৰা EVM মেচিন কঢ়িয়াই অনা হৈছিল AS-01-LC-4094 নম্বৰৰ বাহনখনত। প্ৰায় এক ঘণ্টা ধৰি পথৰ মাজতেই ৰৈ থাকিল বাহনখন
আজি গুৱাহাটীত IPLৰ তৃতীয়খন মেচ। বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত হ’ব মহাৰণ। সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ।
চৰকাৰী কাৰ্যালয়ত সময়োপযোগী কাম সুনিশ্চিত কৰিবলৈ দিল্লী চৰকাৰে এক বৃহৎ সিদ্ধান্ত। এতিয়া দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয়ৰ প্ৰতিজন কৰ্মচাৰীয়ে বায়’মেট্ৰিক মেচিন ব্যৱহাৰ কৰি উপস্থিতি চিহ্নিত কৰিব লাগিব। এই নিয়ম কনিষ্ঠ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ বিষয়ালৈকে সকলোৰে বাবে প্ৰযোজ্য হ’ব।
পাকিস্তানত শান্তি আলোচনা বৈঠকৰ পূৰ্বে ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই আমেৰিকা আৰু ইজৰাইলক সকীয়াই দি কয় যে ইৰাণক আক্ৰমণ কৰা কোনো লোকক ৰেহাই দিয়া নহ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত মোজতাবা খামেনেইৰ এইটোৱেই প্ৰথম বক্তব্য। তেওঁ কয়, “আমি যুদ্ধ নিবিচাৰো, কিন্তু আমি আমাৰ অধিকাৰ এৰি নিদিওঁ।”














