উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ লম্ভুৱা থানা এলেকাৰ লক্ষ্ণৌ-বাৰানসী ঘাইপথত মঙলবাৰে এখন অটো ৰিক্সা আৰু ট্ৰেইলাৰ (ট্ৰাক)ৰ সংঘৰ্ষত মাতৃ-পুত্ৰ নিহত হোৱাৰ লগতে পৰিয়ালটোৰ আন চাৰিজন সদস্য আহত হয়।
লম্ভুৱা কোতৱালিৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক অখিলেশ সিঙে জনোৱা মতে, ৰামগড়ৰ বাসিন্দা ৪০ বছৰীয়া শম্ভু নাথৰ সৈতে তেওঁৰ পত্নী শিৱ কুমাৰী, ভাতৃ শংকৰ নিষাদ (অটো চালক), ভগ্নী পুনিতা আৰু কাঞ্চন বাৰ্মাই মাতৃ কমলা দেৱী (৬০)ৰ চিকিৎসা কৰি ঘৰলৈ উভতি আহিছিল।
মঙলবাৰে দুপৰীয়া ঘৰলৈ আহি থকাৰ সময়তে অটোখনে ঘাইপথৰ সমীপত ৰৈ থকা ট্ৰাকখনক পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে। এই দুৰ্ঘটনাত অটোখনত যাত্ৰা কৰি থকা কমলা দেৱী আৰু তেওঁৰ পুত্ৰ শম্ভু নাথৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে অটো চলাই থকা শংকৰৰ লগতে আন তিনিজন লোক আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে দুৰ্ঘটনাত পতিত হোৱা সকলোকে চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়, য’ত চিকিৎসকে কমলা আৰু শম্ভু নাথক মৃত ঘোষণা কৰে। চালক শংকৰৰ অৱস্থা সংকটজনক আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে আন আহতসকলৰ চিকিৎসা চলি আছে।