কলাইগাঁও চেঙাপথাৰ গাঁও নিবাসী প্ৰয়াত ব্ৰজেন ডেকা আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নী অঞ্জনা ডেকাৰ একমাত্ৰ কন্যা মৃদুস্মিতা ৰাজবংশীয়ে এইবাৰ উত্তীৰ্ণ হৈছে সৰ্বভাৰতীয় নীট পৰীক্ষাত।
এবছৰ বয়সতে পিতৃহাৰা হোৱা মৃদুস্মিতাক মাতৃ অঞ্জনা ডেকাই বহু কষ্টৰে ডাঙৰ-দীঘল কৰিছে। সৰুৰে পৰা অত্যন্ত মেধা মৃদুস্মিতাৰ এই সাফল্যত গৌৰৱান্বিত হৈ পৰিছে অঞ্চলবাসী।
ইফালে জীয়ৰীৰ সাফল্যত মাতৃ অঞ্জনা ডেকাই নিজৰ অনুভৱ ব্যক্ত কৰি কয়, ‘বহু দুখ আৰু কষ্টৰ মাজত ডাঙৰ-দীঘল কৰিছো মই। যি পাইছো আমি তাতেই সন্তুষ্ট হ’ব লাগে’।
মেধাৱী ছাত্ৰী মৃদুস্মিতাৰ এই সাফল্যই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত শুভাকাংশীৰে ভৰি পৰিছে মৃদুস্মিতাৰ ঘৰ। শুভাকাংশীৰ লগতে বিভিন্ন দল-সংগঠনে ছাত্ৰী মৃদুস্মিতাক শুভেচ্ছা জ্ঞাপন কৰিছে।
ইফালে মৃদুস্মিতাই নিজৰ সাফল্যৰ বাবে পৰিয়াল তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ লগতে শুভাকাংশী সকলক ধন্যবাদ জ্ঞাপন কৰিছে।