মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূর্বে চেন্নাই ছুপাৰ কিংছৰ প্রাক্তন অধিনায়ক এম এছ ধোনীয়ে প্ৰদান কৰিছে এক ডাঙৰ মন্তব্য। আই পি এলত তেওঁৰ ভৱিষ্যতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।
জিঅ’ হটষ্টাৰৰ সৈতে হোৱা এটা সাক্ষাতকাৰত ধোনীয়ে তেওঁৰ অনুৰাগীসকলৰ মনত চলি থকা এটা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে। আৰু কিমানটা ছিজনলৈকে আই পি এল খেলি যাব সেই বিষয়ে মন্তব্য কৰা দেখা গৈছে ধোনীক।
ক্ৰিকেট অনুৰাগীয়ে জানিব বিচাৰি থকা প্ৰশ্নৰ উত্তৰত মাহীয়ে কয়, ‘মই যিমান দিন বিচাৰো চি এছ কেৰ হৈ খেলি থাকিব পাৰো, এইটো মোৰ ফ্ৰেঞ্চাইজি… মই হুইল চেয়াৰত থাকিলেও তেওঁলোকে মোক টানি লৈ যাব।’
ধোনীৰ এই মন্তব্য ব্যাপক ৰূপত ভাইৰেল হৈছে সামাজিক মাধ্যমত। ধেমেলীয়া সুৰত কৈছে যদিও ধোনীৰ এই মন্তব্য শুনি তেওঁৰ অনুৰাগীসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, আই পি এলৰ ১৮ সংখ্যক ছিজনত পুনৰ এবাৰ বেটিং আৰু উইকেটকীপিঙৰ যাদু দেখুৱালৈ সাজু হৈছে মহেন্দ্ৰ সিং ধোনী। ছিজনৰ প্ৰথমখন মেচত তেওঁৰ দলটোৱে আজি মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে।
সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই মেচখনত এটা বিশেষ অভিলেখ গঢঞাৰো সযোগ লাভ কৰিব মহেন্দ্ৰ সিং ধোনীয়ে। মুম্বাই বিৰুদ্ধে খেলখনত যদিহে ধোনীয়ে ১৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ আই পি এল ইতিহাসত চেন্নাইৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰত পৰিণত হ’ব।
চেন্নাইৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ
সুৰেশ ৰাইনা- ৪৬৮৭ ৰান
এম এছ ডি- ৪৬৬৯ ৰান
ফাফ ডু প্লেচিছ- ২৭২১ ৰান
ৰুতুৰাজ গায়াকোৱাড- ২৩৮০ ৰান
আম্বাতী ৰায়ডু- ১৯৩২ ৰান