অসম সাহিত্য সভা। অসমীয়া স্বাভিমানৰ এক জাতীয় অনুষ্ঠান। অসমীয়া ভাষাৰ উত্তৰণৰ লগতে অসমৰ সাহিত্য ক্ষেত্ৰখনক শক্তিশালী কৰা স্বনামধন্য ব্যক্তিয়ে এই জাতীয় অনুষ্ঠানটোৰ সভাপতিৰ পদ অলংকৃত কৰি আহিছে।
কিন্তু শেহতীয়াকৈ সাহিত্য সভাৰ কাম-কাজ তথা একাংশ অসাহিত্যিকৰ কৰ্মকাণ্ডৰ বাবে ৰাজ্যজুৰি তীব্ৰ বিতৰ্ক তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বিষয়বাবক লৈ আৰম্ভ হোৱা খোৱা কামোৰা ৰাজনীতিয়ে সাহিত্য সভাৰ দৰে পৱিত্ৰ জাতীয় অনুষ্ঠানক কলংকিত কৰা সন্দৰ্ভত এইবাৰ মত ব্যক্ত কৰিছে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই।
দুবছৰৰ মূৰত নিৰ্বাচন আহিলেই বিতৰ্কৰ সূত্ৰপাত ঘটা অসম সাহিত্য সভা সন্দৰ্ভত নগেন শইকীয়াই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘সভাপতি পদৰ বাবে এতিয়া যিবোৰ মানুহৰ নাম ওলাইছে দেখি শুনি এনে লাগিছে যেন সেইখন সাহিত্য সভা হৈ থকা নাই। মই সেইকাৰণে আজিকালি মোৰ নামৰ আগত কোনোবাই প্ৰাক্তন সভাপতি বুলি ক’লে বৰ লাজ পাও। মোক সাহিত্য সভাৰ মানুহ বুলি ক’লে মোৰ গাত চেকা লাগে।’
‘সাহিত্য সভাক যদি সম্পূৰ্ণৰূপে সলনি নকৰে তেন্তে সাহিত্য সভা সাহিত্য সভা হৈ নাথাকে। সভাপতি হ’বৰ বাবে এজন প্ৰকৃত সাহিত্যিক হ’ব লাগে। অসাহিত্যিক এজন সাহিত্য সভাৰ সভাপতি হ’লে সেইখন সাহিত্য সভা হৈ নাথাকে। সাহিত্য সভাৰ এই অৱস্থাটো দেখি মই বৰ দুঃখিত’, এইদৰে অসন্তুষ্টি প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই।
উল্লেখ্য যে, নিৰ্বাচন অহাৰ লগে লগে একাংশ অসাহিত্যিকে অসম সাহিত্য সভাৰ ইতিহাসত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ উঠিপৰি লগা পৰিলক্ষিত হয়।