শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই গ্ৰহণ কৰে এক ডাঙৰ সিদ্ধান্ত। মহাকাশ কেন্দ্ৰত আৱদ্ধ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ বাবে লৈছে ডাঙৰ সিদ্ধান্ত।
জুনৰ পৰা মহাকাশতে আৱদ্ধ হৈ আছে এই দুই মহাকাশচাৰী।
নাছাৰ নিক হেগ আৰু ৰাছিয়াৰ আলেকজেণ্ডাৰ গৰবাই ছেপ্টেম্বৰত স্পেচএক্স ৰকেটত উঠি মহাকাশ কেন্দ্ৰলৈ ৰাওনা হব। ইয়াৰ পাছতে ফেব্ৰুৱাৰীত সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰৰ সৈতে উভতি আহিব পৃথিৱীলৈ।
নাছাই ইতিমধ্যে কয় যে, মহাকাশ কেন্দ্ৰত উইলিয়ামছ আৰু উইলমোৰৰ বাবে বিশেষ কোনো ধৰণৰ সমস্যা হোৱা নাই। তাত তেওঁলোকৰ পৰ্যাপ্ত খাদ্যৰো যোগান ধৰা হৈ আছে।
নাছাৰ পৰিকল্পনা অনুসৰি এই দুয়োজন মহাকাশচাৰী ৮ দিন মহাকাশ কেন্দ্ৰত থকাৰ পিছত উভতি আহিব লাগিছিল, কিন্তু বোয়িং ষ্টাৰলাইনাৰ মহাকাশ বিমানত বিজুতি হোৱাৰ বাবেই তেওঁলোক উভতি অহাটো পিছুৱাই দিয়া হয়।
এতিয়া যদি সকলো ঠিকে থাকে, তেন্তে এই দুজন মহাকাশচাৰী অহা বছৰৰ ফেব্ৰুৱাৰীত ঘূৰি আহিব পাৰে।