আজি বিজেপি অধ্যক্ষ জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছে বিজেপি মিত্ৰজোঁট (NDA)ৰ সহযোগী দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে এই বৈঠকৰ আয়োজন কৰা হৈছিল।
সহযোগী দলসমূহৰ মাজত অনুষ্ঠিত হোৱা এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, তেলেগু দেশম পাৰ্টীৰ প্ৰধান তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডু, জে ডি ইউৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ দৰে উপস্থিত আছিল।
ইয়াৰ উপৰি আন আন সহযোগী দলসমূহৰ শীৰ্ষ নেতাসকলো উপস্থিত আছিল বুলি জানিব পৰা গৈছে। এই বৈঠকৰ মূল উদ্দেশ্য কি সেয়া জানিব পৰা নাই যদিও সূত্ৰ অনুসৰি সুশাসন আৰু ৰাজনৈতিক বিষয়ত আলোচনা কৰা হয়।
বাজপেয়ী চৰকাৰৰ দিনত সুশাসন এটা প্ৰধান বিষয় আছিল, আৰু সমগ্ৰ কাৰ্যকালৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ চলোৱাৰ সফলতাৰ বাবে তেওঁক প্ৰশংসা কৰা হয়।
বৈঠকৰ অন্তত জেপি নাড্ডাই ছ’চিয়েল মিডিয়াত এটা প’ষ্ট শ্বেয়াৰ কৰি কয় যে নতুন দিল্লীত আজি NDA নেতাসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে অভাৱনীয় সফলতা লাভ কৰিছে আৰু বিশ্ব মহাশক্তি হিচাপে নিজৰ স্থান প্ৰতিষ্ঠা কৰিছে।
ইফালে এই বৈঠকৰ পিছত নিষাদ দলৰ প্ৰধান সঞ্জয় নিষাদে কয়, ‘আমাৰ ভৱিষ্যতৰ কৌশল হ’ল একেলগে আগবাঢ়ি যোৱা। আগন্তুক সকলো নিৰ্বাচনত আমি ঐক্য দেখুৱাব লাগিব আৰু হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ক সকলোৱে অভিনন্দন জ্ঞাপন কৰে।’