৮ এপ্ৰিলৰ নিশা ডমিনিকান ৰিপাব্লিকৰ ৰাজধানী ছান্টো ডমিংগোৰ এটা নাইট ক্লাবত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। হঠাতে ক্লাবটোৰ এখন চাল ভাঙি পৰাৰ ফলত ৯০ গৰাকী লোকৰ মৃত্যু হয়। ঘটনাটোত কমেও ১৬০ গৰাকী লোক কম বেছি পৰিমাণে আহত হয়।
ইফালে এই দুৰ্ঘটনাটোৰ ফলত ধ্বংসস্তুপত আৰু বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু উদ্ধাৰকাৰী দলে এতিয়াও অভিযান অব্যাহত ৰাখিছে।
এই কৰুণ ঘটনাটো সংঘটিত হোৱাৰ সময়ত নাইট ক্লাবটোত ৫০০ৰ পৰা ১০০০ গৰাকী লোক উপস্থিত থকা বুলি স্থানীয় প্ৰশাসনে অনুমান কৰিছে।
আনহাতে এই শিহৰণকাৰী ঘটনাৰ পিছতে ডমিনিকান ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি লুইছ অভিনাডৰে ছ’চিয়েল মিডিয়া এক্সযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শোকপ্ৰকাশ কৰে। তেওঁ প’ষ্টটোত লিখে, ‘জেট ছেট নাইট ক্লাবত সংঘটিত ঘটনাটোৰ বাবে মই গভীৰ দুখ প্ৰকাশ কৰিছো। ঘটনাৰ পিছৰে পৰা প্ৰতিটো মুহূৰ্তৰ খবৰ সংগ্ৰহ কৰি আছো।’
ইয়াৰ উপৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ঘটনাস্থলত উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোকসলৰ আত্মীয়ক সান্তনা দিয়াৰ লগতে সৰ্বতোপ্ৰকাৰৰ সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।