মহান বিজ্ঞানী ডেভিদ বেকাৰ, ডেমিচ হাচাবিছ আৰু জন এম জাম্পাৰক ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে।
‘গণনামূলক প্ৰ’টিন ডিজাইন’ৰ বাবে বেকাৰক আৰু হাচাবিছ আৰু জাম্পাৰক ‘প্ৰ’টিন গাঁথনিৰ পূৰ্বানুমান’ৰ বাবে যৌথভাৱে এই বঁটা প্ৰদান কৰা হৈছে। বুধবাৰে নোবেল বঁটা কমিটীয়ে এই কথা জনায়।
ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে বেকাৰে ‘এটা সম্পূৰ্ণ নতুন ধৰণৰ প্ৰ’টিন সৃষ্টিৰ প্ৰায় অসম্ভৱ কৃতিত্ব অৰ্জন কৰিছে, আনহাতে হাচাবিছ আৰু জাম্পাৰে প্ৰ’টিনৰ জটিল গঠনৰ পূৰ্বানুমান কৰাৰ ৫০ বছৰীয়া সমস্যাটো সমাধানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰ্হি প্ৰস্তুত কৰিছে’।
ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে কয় যে তেওঁলোকৰ যুগান্তকাৰী উদ্ভাৱনাই ‘মানৱ জাতিক সৰ্বাধিক উপকাৰ’ প্ৰদান কৰিব।
উল্লেখ্য যে, অহা ১০ ডিচেম্বৰত ষ্ট’কহমত আনুষ্ঠানিকভাৱে এই নোবেল বঁটা প্ৰদান কৰা হ’ব।