সোমবাৰে ৰয়েল চুইডিছ একাডেমী অৱ চায়েন্সে ঘোষণা কৰিলে অৰ্থনীতিৰ নোবেল বঁটা। এইবাৰ এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে তুৰ্কীচ-আমেৰিকান শিক্ষাবিদ ডেৰন এচিম’গ্লু, ব্ৰিটেইনৰ অৰ্থনীতিবিদ চাইমন জনছন আৰু বৃটিছ অৰ্থনীতিবিদ জেমছ ৰবিনছন।
এইবাৰ বিভিন্ন দেশৰ সমৃদ্ধিৰ পাৰ্থক্য সন্দৰ্ভত গৱেষণাৰ বাবে দিয়া হ’ব অৰ্থনীতিৰ নোবেল বঁটা।
ডেৰন এচিম’গ্লু, চাইমন জনছন আৰু জেমছ ৰবিনছনক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ‘প্ৰতিষ্ঠানসমূহে কেনেদৰে অৰ্থনৈতিক সমৃদ্ধি গঢ়ি তোলে’ সেই বিষয়ে কৰা তেওঁলোকৰ অগ্ৰণী অধ্যয়নৰ বাবে।
ৰয়েল চুইডিছ একাডেমী অৱ চায়েন্সে সদৰী কৰা অনুসৰি তেওঁলোকৰ গৱেষণাই ৰাষ্ট্ৰসমূহৰ সম্পদ আৰু বিকাশক প্ৰভাৱিত কৰাত প্ৰতিষ্ঠানসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
অৰ্থনৈতিক বিজ্ঞান বঁটাৰ বাবে গঠিত সমিতিৰ অধ্যক্ষ জেকব স্বেন্সনে কয়, ‘দেশসমূহৰ মাজত আয়ৰ বিশাল ব্যৱধান হ্ৰাস কৰাটো আমাৰ সময়ৰ অন্যতম বৃহৎ প্ৰত্যাহ্বান। বঁটা বিজয়ীসকলে এই প্ৰত্যাহ্বান জয় কৰাৰ বাবে সামাজিক প্ৰতিষ্ঠানসমূহৰ গুৰুত্বক তেওঁলোকৰ কামৰ মাজেৰে প্ৰতিফলতি কৰিছে’।