এগৰাকী স্বামীহীনা মহিলাৰ অসহায় অৱস্থা।তেওঁৰ কাহিনী শুনি কান্দোনত ভাঙি পৰিব আপোনাৰো অন্তৰ।মহিলাগৰাকীৰ নাম পদ্মা ডেকা। তেওঁৰ আছে এখন সৰু চাহৰ দোকান।
১০ বছৰ পূৰ্বে তেওঁ হেৰুৱাই নিজৰ স্বামীক।স্বামী ঢুকোৱাৰ পিছৰে পৰা ৰঙিয়াৰ মধুকুছীৰ পদ্মা ডেকাই অকলে চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম।
বিগত ১০ বছৰ ধৰি পদ-পথত চাহ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে পদ্মাই। অৰুণোদয় অথবা বিধৱা পেঞ্চনৰ পৰাও বঞ্চিত হৈ আছে পদ্মা ডেকা। উত্তৰ গুৱাহাটীৰ আৰক্ষী চকীৰ সন্মুখত এনেদৰেই চাহ বিক্ৰি কৰি আহিছে পদ্মাই।
পিছে হঠাতে যেন কাল ধুমুহা নামি আহিছে এই গৰাকী অসহায় মহিলাৰ জীৱনত।এতিয়া গ্ৰাহকৰ অভাৱত চকুলো নিগৰিছে এই মহিলাগৰাকীৰ। কিয়নো যেতিয়াৰে পৰা উত্তৰ গুৱাহাটী আৰক্ষী চকী স্থানান্তৰ কৰা হৈছে, তেতিয়াৰে পৰা তেওঁৰ দোকানলৈ চাহ খাবলৈ নাহে কোনো গ্ৰাহক। পৰিয়াল বুলিবলৈও তেওঁৰ কোনো নাই, লগতে তেওঁ লাভ কৰা নাই কোনো চৰকাৰী আঁচনি ।
দিনৰ দিনতো দোকানতে বহি এতিয়া মাঁথো অসহায় পদ্মা ডেকাই অপেক্ষা কৰিছে গ্ৰাহকৰ বাবে। চৰকাৰৰ পৰা কিছু সহায়ৰ হাত লাভ কৰিব বুলি আশাবাদী তেওঁ।