অসম তথা উত্তৰ-পূৱলৈ ভয়ংকৰ বিপদ কঢ়িয়াবলৈ সাজু চীন। ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব এক সৰ্ববৃহৎ বান্ধ।
ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণত অনুমোদন চীনৰ।ভাৰতৰ সীমান্তৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ তিব্বতী নাম য়াৰলুং জাংবো নদীত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে চীনে। ভাৰতৰ সীমান্তৰ নিচেই কাষতে ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই নদীবান্ধ।
বছৰি ইয়াৰ দ্বাৰা উৎপাদন হ’ব ৩০০ বিলিয়ন কিলোৱাট বিদ্যুৎ। অৰ্থাৎ ৩০০ বিলিয়ন কিলোৱাট ঘণ্টাৰো অধিক বাৰ্ষিক বিদ্যুৎ উৎপাদনৰ আশা কৰিছে চীনে—যি ৩০ কোটি লোকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ চীনৰ থ্ৰী গৰ্জ বান্ধক অতিক্ৰম কৰিব, যিটো বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নদীবান্ধ।
বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প থ্ৰি গৰ্জেছ ডেমতকৈ ৪ গুণ বৃহৎ হ’ব এই প্ৰকল্প। নামছা-বাৰৱা পৰ্বতৰ তলত ৬টাকৈ সুৰংগ খান্দি ২০ কিলোমিটাৰ পৰ্যন্ত বোৱাই অনা হ’ব ব্ৰহ্মপুত্ৰৰ আধা পানী।
আশংকা কৰা হৈছে যে, এই বান্ধ নিৰ্মাণ হ’লেই অসম আৰু অৰুণাচলৰ পাৰিপাৰ্শ্বিকতালৈ আহিব ভাবুকি। ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত একাংশ লোকৰ বাবে আতংকৰ কাৰণ হ’ব এই নদীবান্ধ।
এই নদীবান্ধে প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে ভাৰত আৰু বাংলাদেশলৈ। এই বান্ধৰ ফলতেই পানীৰ অভাৱ হোৱাৰ লগতে, ভূমিকম্প তথা তীব্ৰ খৰাঙে দেখা দিব ৰাজ্যত।