চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত বিজয় সাব্যস্ত কৰাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত লোকসকলে ৰাজপথলৈ ওলাই আহি বিজয় উৎসৱ পালন কৰিছিল যদিও তেলেংগানাত ক্ৰিকেট অনুৰাগীক ইয়াৰ পৰা বঞ্চিত কৰিছিল ৰাজ্য চৰকাৰে। সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁ কয় যে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতীয় ক্ৰিকেট দলৰ বিজয়ৰ বাবে উদযাপন কৰিবলৈ দিয়া নাছিল ক্ৰিকেট অনুৰাগীক। অৱশ্যে কংগ্ৰেছ দলৰ লোকসভাৰ সাংসদ চামালা কিৰণ কুমাৰ ৰেড্ডীয়ে এই মন্তব্যৰ বিৰোধিতা কৰি এই অভিযোগ অস্বীকাৰ কৰিছে।
কিষাণ ৰেড্ডীয়ে এক্সযোগে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা যায় যে ৰাজপথলৈ ওাই অহা একাংশ যুৱকক আৰক্ষীয়ে নিজৰ লাঠীৰে ছত্ৰ-ভংগ দিয়াইছে।
পোষ্টটোত তেওঁ লিখিছে, ‘এইদৰে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে ভাৰতৰ বিজয়ক উদযাপন কৰাৰ অনুমতি প্ৰদান কৰা নাই। লজ্জাজনক!’
সংবাদ মাধ্যমৰ খবৰ অনুসৰি দেওবাৰে নিশা ভাৰতীয় ক্ৰিকেট দলে চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত দিলছুখনগৰত আৰক্ষীয়ে লাঠিচালনা কৰি ক্ৰিকেট অনুৰাগীসকলক খেদি পঠিয়াই।
ইফালে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগক পোনচাতেই নাকচ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে এখন এম্বুলেন্সক বাট এৰি দিয়াৰ বাবে এই কাৰ্য কৰা হৈছিল।
বিষয়াগৰাকীয়ে কয়, ‘তেওঁলোকে কেৱল পথ অৱৰোধ কৰাই নহয় দুখন এম্বুলেন্সো ৰখাই থৈছিল। এম্বুলেন্সক বাট এৰি দিয়াৰ বাবে আৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াইছিল।’
উল্লেখ্য যে, ৯ মাৰ্চ অৰ্থাত দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছে ভাৰতে। ইয়াৰ পিছতে দেশৰ কোটি-কোটি ক্ৰিকেট অনুৰাগী ৰাজপথলৈ ওলাই আহি বিজয় উৎসৱ পালন কৰিছিল।