ৰাজ্যজুৰি চলি থকা ৰাসৰ আনন্দ উল্লাসৰ মাজতে হাজোৰ চেঁচামুখ ৰাসত ধন দাবী কৰিবলৈ আহি আটক হৈছে নিজকে স্বয়ম্ভূ জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া এজন যুৱক।
অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনৰ হৈ ধন দাবী কৰিবলৈ আহি আটক হোৱা জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া যুৱকজনক ঋতুৰাজ শইকীয়া বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি, ২৫ ডিচেম্বৰত হ’বলগীয়া অধিবেশনৰ নাম লৈ এক লাখ টকা দাবী কৰিছিল ঋতুৰাজ শইকীয়াই। ৰাইজৰ অভিযোগ অনুসৰি পংকজ গগৈ নামৰ নেতা এজনৰ নাম লৈ দাবী কৰিছিল এই ধন।
যুৱক জনৰ ঘৰ শিৱসাগৰ জিলাৰ নামতি ভেৰাবাৰী গাঁৱত। ইফালে ৰাস উদযাপন সমিতিয়ে ধৃত যুৱকজনক হাজো আৰক্ষীক চমজাই দিয়ে।
বৰ্তমান হাজো আৰক্ষী থানাই যুৱকজনক সোধা-পোচা অব্যাহত ৰাখিছে।