দক্ষিণ কামৰূপৰ মিৰ্জাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত হৈছে এগৰাকী মহিলা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰ্জাত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা অনুসৰি, গুৱাহাটী দিশৰ পৰা ৰামপুৰ অভিমুখে বাইকত আহি আছিল স্বামী-স্ত্ৰী। একে দিশৰ পৰা আহি আছিল যমদূত ৰূপী এখন ট্ৰাক। মিৰ্জাৰ চ’ক পোৱাৰ পূৰ্বে দুই বাইক আৰোহীক মহতিয়াই থৈ যায় দ্ৰুতবেগী ট্ৰাকখনে।
ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত হয় আৰতী হাজৰিকা নামৰ মহিলা গৰাকী। আনহাতে আহত হয় আৰতী হাজৰিকাৰ স্বামী বিপুল হাজৰিকা। গুৰুতৰভাৱে আহত বিপুল হাজৰিকা বৰ্তমান মিৰ্জা চিকিৎসালয়ত চিকিৎসাধীন। ইফালে বৰ্তমান পলাশবাৰী আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে মহিলা গৰাকীৰ মৃতদেহ।
উল্লেখ্য যে উক্ত দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS 13 A 9021। বাইক খনৰ নম্বৰ হৈছে AS 25 X 7985।
প্ৰাপ্ত খবৰ অনুসৰি জীয়ৰীৰ তোলনীয়া বিয়াৰ নিমন্ত্ৰণ দিবলৈ গুৱাহাটীলৈ গৈছিল আৰতী হাজৰিকা আৰু স্বামী বিপুল হাজৰিকা। কিন্তু আজি এই অবাঞ্চিত ঘটনাত আৰতী হাজৰিকাৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীৰ মাজত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।