এক দেশ-এক নিৰ্বাচন সন্দৰ্ভত গঠন কৰা হৈছে জেপিচি কমিটী। য’ত প্ৰিয়ংকা গান্ধী আৰু অনুৰাগ ঠাকুৰকো অন্তৰ্ভুক্ত কৰা হৈছে।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, মনীষ তিৱাৰী, বিজেপিৰ অনুৰাগ সিং ঠাকুৰ, অনিল বালুনীকে ধৰি ৩১জন সাংসদ থকা যুটীয়া সংসদীয় সমিতিলৈ কেন্দ্ৰীয় চৰকাৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্পৰ্কীয় বিধেয়কখন প্ৰেৰণ কৰিব।
এক দেশ-এক নিৰ্বাচনত জেপিচি গঠন
আনুষ্ঠানিকভাৱে সংবিধান (এশ উনবিংশ সংশোধনী) বিধেয়ক, ২০২৪ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন(সংশোধনী) বিধেয়ক, ২০২৪ নামেৰে নামাকৰণ কৰা “এক দেশ-এক নিৰ্বাচন” বিধেয়কৰ বাবে জেপিচিত লোকসভাৰ ১২ জন আৰু ১০ জন সাংসদ আছে। জেপিচিৰ আন সদস্যসকলৰ ভিতৰত আছে সমাজবাদী পাৰ্টিৰ ধৰ্মেন্দ্ৰ যাদৱ, টিএমচিৰ কল্যাণ বেনাৰ্জী, এনচিপি-এছপিৰ সুপ্ৰিয়া চুলে, শিৱসেনাৰ শ্ৰীকান্ত শিন্দে, বিজেপিৰ সম্বিত পাত্ৰ আৰু অনিল বালুনী।
কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন মেঘৱালে মঙলবাৰে ‘এক দেশ-এক নিৰ্বাচন’ পদক্ষেপৰ অধীনত একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে দুখন বিধেয়ক উত্থাপন কৰে, যাৰ তীব্ৰ বিৰোধিতা কৰে বিৰোধীয়ে। কিন্তু এই বিধেয়কসমূহে নিম্ন সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয়, য’ত ২৬৯টা ভোটৰ সপক্ষে আৰু ১৯৮টা বিপক্ষে ভোট লাভ কৰে।
বিৰোধীয়ে এই বিধেয়কসমূহ তৎকালীনভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনায় আৰু ইয়াক সংবিধানৰ ওপৰত আক্ৰমণ আৰু “গণতন্ত্ৰক হত্যা কৰি স্বৈৰাচাৰী আৰু একনায়কত্ববাদ অনাৰ” প্ৰচেষ্টা বুলি অভিহিত কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধেয়কখন সম্পূৰ্ণ তদন্তৰ বাবে জেপিচিলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিছিল।