এফালে ভাৰতৰ শ্বেয়াৰ বজাৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে চলোৱা অপাৰেশ্যন সেন্দুৰক চেল্যুট দিয়ে। আনহাতে পাকিস্তানৰ শ্বেয়াৰ বজাৰত বিৰাট বিশৃংখলতাৰ সৃষ্টি হৈছে আৰু বিনিয়োগকাৰীসকল আতংকিত হৈ পৰিছে।
৭ এপ্ৰিলত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণৰ পিছত পাকিস্তানৰ বেঞ্চমাৰ্ক ষ্টক সূচকাংকৰ ব্যাপক হ্ৰাস হৈ ৫.৭৮ শতাংশ হয়। আৰম্ভণিৰ ব্যৱসায়ত কে এছ ই-১০০ সূচকাংক ৬,২৭২ পইণ্ট বা ৫.৫ শতাংশ হ্ৰাস পাই ১০৭,২৯৬ পইণ্টত ব্যৱসায় কৰে।
২৩ এপ্ৰিলৰ পৰা এতিয়ালৈকে ৯৯৩০ পইণ্টৰ ব্যাপক হ্ৰাস পাইছে। উল্লেখযোগ্য যে, যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত আক্ৰমণ সংঘটিত হৈছিল আৰু তাত ২৬ জন লোক নিহত হৈছিল। মৃত্যু হোৱাসকলৰ অধিকাংশই আছিল পৰ্যটক। নিৰাপত্তা সংস্থাসমূহৰ তদন্তত দেখা গৈছে যে এই আক্ৰমণ সীমা অতিক্ৰম কৰা সংযোগৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।
পেহেলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ সৈতে বাণিজ্যকে ধৰি সকলো সম্পৰ্ক শেষ কৰাৰ কথা ঘোষণা কৰে। ভাৰত চৰকাৰৰ এই কাৰ্য্যৰ পিছত এফালে ইয়াৰ অৰ্থনীতি বেয়াকৈ প্ৰভাৱিত হৈছে, আনফালে পাকিস্তানৰ শ্বেয়াৰ বজাৰখন অহৰহ ক্ষয়িষ্ণু হৈ পৰিছে। পাকিস্তানৰ শ্বেয়াৰ বজাৰ পতনৰ বাবে এতিয়ালৈকে কোটি কোটি টকা বিনিয়োগকাৰীৰ ক্ষতি হৈছে।
উল্লেখযোগ্য যে ভিছা ৰেহাই বাতিলৰ সমান্তৰালকৈ ভাৰতৰ সিন্ধু জল সন্ধি বাতিল কৰাৰ কাৰ্যই পাকিস্তান অশান্তি দিছিল। তদুপৰি ২২ এপ্ৰিলত পেহেলগাম সন্ত্ৰাসবাদী কাণ্ডৰ পিছত ২৪ এপ্ৰিলত ব্যৱসায়ৰ কিছু মিনিটৰ ভিতৰতে কৰাচী ষ্টক এক্সচেঞ্জৰ বেঞ্চমাৰ্ক কে এছ ই-১০০ সূচকাংক ২৪৮৫ পইণ্ট হ্ৰাস পাইছে।
২২ এপ্ৰিলৰ পিছত কে এছ ই সূচকাংক ৫,৪৯৪.৭৮ পইণ্ট বা ৪.৬৩ শতাংশ হ্ৰাস পাইছে। কৰাচী ষ্টক এক্সচেঞ্জৰ বজাৰ মূল্য ৫২.৮৪ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ২৯ এপ্ৰিলত হ্ৰাস পাই ৫০.৩৯ বিলিয়ন ডলাৰ হয়।