২০২৬ চনৰ অস্কাৰ বঁটা লছ এঞ্জেলছত থকা হলীউডৰ বিখ্যাত আইকনিক ডলবি হলত অনুষ্ঠিত হয়। জানুৱাৰী মাহত ৯৮ সংখ্যক একাডেমী বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰা হৈছিল। কমেডিয়ান কনন অ’ব্ৰাইনে ২০২৫ চনৰ অস্কাৰৰ আয়োজক হিচাপে অভিষেক ঘটায় আৰু একেৰাহে দ্বিতীয় বছৰৰ বাবে ২০২৬ চনৰ অস্কাৰৰ আয়োজক হিচাপে কাম কৰে। এই সন্মানীয় অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ তাৰকাসকলে ৰেড কাৰ্পেটত নিজৰ গ্লেমাৰাছ লুক প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাইও বঁটা প্ৰদান কৰে।
মন কৰিবলগীয়া যে এইবাৰ ‘Sinners’ আৰু ‘One Battle After Another’ ছবিয়ে এই অনুষ্ঠানত আধিপত্য বিস্তাৰ কৰি কেইবাটাও শাখাত বঁটা লাভ কৰে। ‘One Battle After Another’ -এ ১৩টা অস্কাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। এইক্ষেত্ৰত শ্ৰেষ্ঠ পৰিচালনা, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ সহযোগী অভিনেতা, শ্ৰেষ্ঠ অভিনয়, শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য, আৰু শ্ৰেষ্ঠ সম্পাদনাকে ধৰি ৬টা মনোনয়ন লাভ কৰে। ‘Sinners’ য়ে ১৬টা মনোনয়ন লাভ কৰি ৪টা অস্কাৰ বঁটা লাভ কৰে। অস্কাৰ ২০২৬ বিজয়ীৰ সম্পূৰ্ণ তালিকা ইয়াত চাব পাৰিব।
অস্কাৰ ২০২৬ বিজয়ীৰ সম্পূৰ্ণ তালিকা–
শ্ৰেষ্ঠ অভিনেতা – মাইকেল বি জৰ্ডান – Sinners
শ্ৰেষ্ঠ অভিনেত্ৰী – জেচি বাকলি – Hamnet
শ্ৰেষ্ঠ ছবি – One Battle After Another
শ্ৰেষ্ঠ সহযোগী অভিনেতা – শ্বেন পেন, One Battle After Another
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী – এমি মাডিগান, Weapons
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য – ৰিয়ান কুগলাৰ, Sinners
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য – পল থমাছ এণ্ডাৰছন, One Battle After Another
শ্ৰেষ্ঠ এনিমেটেড বৈশিষ্ট্যপূৰ্ণ ছবি – K-Pop Demon Hunters
শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি – The Girl Who Cried Pearls
শ্রেষ্ঠ পোচাক সজ্জা –কেট হউলে, Frankenstein
শ্ৰেষ্ঠ মেকআপ আৰু চুলিৰ ষ্টাইলিং – মাইক হিল, জৰ্ডান চেমুৱেল, ক্লিওনা ফিউৰি, Frankenstein
শ্ৰেষ্ঠ লাইভ-একচন চুটি ছবি (টাই) – The Singers and Two People Exchanging Saliva (tie)
শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবি – All the Empty Rooms
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন – Frankenstein
শ্ৰেষ্ঠ দৃশ্য প্ৰভাৱ – Avatar: Fire and Ash
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী – Sinners
শ্ৰেষ্ঠ পৰিচালক – পল থমাছ এণ্ডাৰছন, One Battle After Another










