পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে। ৭ এপ্ৰিলত নিশা ১:৩০ বজাত ভাৰতীয় সেনাই বিমান আক্ৰমণৰ জৰিয়তে পাকিস্তানত ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে।
যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে ভাৰতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে, য’ত ২৬ জন পৰ্যটকে প্ৰাণ হেৰুৱাইছিল। ভাৰতে সংঘটিত কৰে ‘অপাৰেশ্যন সেন্দুৰ’, য’ত পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ চলায়।
‘অপাৰেচন সিন্দুৰ’ৰ অধীনত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (POK)ৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায়।
এই অভিযানৰ অধীনত বাহাৱালপুৰ (২ স্থান), মুৰিদকে, মুজাফ্ফৰাবাদ, কোটলি, গুলপুৰ, ভীম্বাৰ, চাক আমৰু আৰু ছিয়ালকোটৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হয়। ভাৰতে স্পষ্ট কৰি দিছে যে, এই কাৰ্যত পাকিস্তানী সেনাৰ কোনো স্থানক লক্ষ্য কৰি লোৱা হোৱা নাছিল, কেৱল সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনিৰ ওপৰতহে আক্ৰমণ কৰা হৈছিল।
পাকিস্তানী সংবাদ মাধ্যম এক্সপ্ৰেছ ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি মুজাফ্ফৰাবাদ, কোটলি আৰু বাহাৱালপুৰৰ আহমেদ ইষ্ট অঞ্চলত সৰ্বাধিক ক্ষতিসাধন হৈছে। পাকিস্তান সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে সংবাদমেলত এই আক্ৰমণ নিশ্চিত কৰি কয় যে, ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছত পাকিস্তানী যুদ্ধ বিমান সষ্টম হৈ আছে।
খবৰ অনুসৰি, মুজাফ্ফৰাবাদত সংঘটিত আক্ৰমণৰ পিছত সমগ্ৰ অঞ্চলটো ব্লেকআউট হৈ পৰে। একে সময়তে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাৰতক মুকলি সতৰ্কবাণী দি কয় যে, এতিয়া সংঘাতৰ পৰা হাত সাৰিবলৈ কঠিন। তেওঁ ইয়াক যুদ্ধসদৃশ পৰিস্থিতি বুলি অভিহিত কৰে, যাৰ ফলত সীমান্তত আৰু অধিক উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে এই অভিযান সংযত, লক্ষ্য নিৰ্ধাৰণ আৰু অপ্ৰৰোচনামূলক আছিল। ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা কৰা ঠাইবোৰতহে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। পেহেলগামৰ বৰ্বৰতাৰ এইয়া এক প্রতিক্রিয়া বুলিও চৰকাৰে জনায় আৰু ভাৰতে এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে সম্পূর্ণ কঠোৰ স্থিতি গ্রহণ কৰিছে৷