পাকিস্তান আৰু চীনৰ বন্ধুত্ব কাৰো পৰা লুকাই থকা নাই। বন্ধুত্ব বজাই ৰাখি চীনে বহুবাৰ পাকিস্তানক সহায় কৰিছে।
কিন্তু আপুনি জানেনে চীনে পাকিস্তানৰ পৰা আটাইতকৈ বেছি গাধ কিনে। বিগত কিছু বছৰত গাধৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ আঁৰত আছে এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি আৰু চীনৰ গুৰুত্বপূৰ্ণ অৱদান।
পাকিস্তানৰ শেহতীয়া চৰকাৰী তথ্য অনুসৰি, দেশত অহৰহ বৃদ্ধি পাইছে গাধৰ সংখ্যা। এই বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে চীনৰ সৈতে গাধৰ ব্যৱসায়। চীনে পাকিস্তানৰ পৰা বৃহৎ সংখ্যক গাধ ক্ৰয় কৰে আৰু ইয়াৰ আঁৰৰ মূল কাৰণ হৈছে গাধৰ ছাল।
চীনত গাধৰ ছাল ব্যৱহাৰ কৰি ‘এজিয়াও’ নামৰ এক বিশেষ ধৰণৰ পৰম্পৰাগত চীনা ঔষধ তৈয়াৰ কৰা হয়। গাধৰ ছালৰ পৰা উলিওৱা জেলেটিন সদৃশ পদাৰ্থ আৰু চীনা চিকিৎসাত শক্তি বৃদ্ধি, ৰক্তহীনতা দূৰ কৰাৰ লগতে ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়।
চীনত গাধৰ বিপুল চাহিদা আছে যদিও তাত ইয়াৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। এনে পৰিস্থিতিত চীনে পাকিস্তানক প্ৰধান উৎস হিচাপে বাছি লৈছে। পাকিস্তানত গাধৰ সংখ্যা বৃদ্ধিৰ বাবে বিশেষ কাৰ্যসূচী চলোৱা হৈছে, যাতে চীনলৈ ইয়াৰ যোগান সুকলমে চলিব পাৰে।
পাকিস্তানে চীনক গাধৰ ছাল বিক্ৰী কৰি বহু বিদেশী মুদ্ৰা উপাৰ্জন কৰিছে। কিন্তু এই ব্যৱসায়ৰ এটা নেতিবাচক দিশও আছে। গাধৰ সংখ্যা বৃদ্ধিৰ প্ৰয়াসত নিৰ্বিচাৰে গাধৰ প্ৰজনন কৰা হৈছে আৰু বহু ক্ষেত্ৰত ইয়াৰ দুৰ্ব্যৱহাৰ কৰা হৈছে।
ইয়াৰোপৰি চীনত গাধৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ আন এটা কাৰণ হৈছে গাধৰ মাংস, গাখীৰ আৰু ছালৰ ব্যৱহাৰ। চীনত গাধৰ মাংস জনপ্ৰিয়, যিটো মানুহে অতি ৰুচিৰে খায়। গতিকে পাকিস্তানে এই গাধ ভিত্তিক ব্যৱসায় কিমান দূৰলৈ লৈ যা,য় সেয়া ভৱিষ্যতে চোৱাটো লক্ষণীয় হ’ব।