পেহেলগামত সংঘটিত হোৱা কৰুণ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানী অভিনেতা ফাৱাদ খান আৰু বাণী কাপুৰ অভিনীত আহিবলগীয়া ছবি আবিৰ গুলালৰ বাবে ইণ্টাৰনেটত সমালোচনাৰ সন্মুখীন হৈছে। আচলতে মানুহে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এই ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছে।
এই ছবিখন মুক্তি পোৱাৰ পূৰ্বে কাশ্মীৰৰ পেহেলগাম অঞ্চলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দেশখনে শোক প্ৰকাশ কৰাৰ সময়তে বহুতে এই ছবিখন আৰু পাকিস্তানী অভিনেতা ফাৱাদ খানক বৰ্জনৰ দাবী জনাইছে। সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত আৰম্ভ হৈছে ‘বয়কট আবিৰ গুলাল’ হেচটেগ।
উল্লেখ্য যে, আৰতি এছ বাগদীৰ পৰিচালিত ৰোমান্টিক কমেডী ছবি আবিৰ গুলাল অহা ৯ মে’ত ছবিগৃহত মুক্তি পাবলগীয়া আছিল। কিন্তু মঙলবাৰে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ লগতে বহু সাধাৰণ নাগৰিক আহত হোৱা হৃদয় বিদাৰক ঘটনাক লৈ সৃষ্টি হোৱা ক্ষোভৰ মাজতে একাংশ লোকে ছ’চিয়েল মিডিয়াত ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছে। এটা টুইটত কোৱা হৈছিল, “ভাৰতৰ ছবিগৃবত আবিৰ গুলালক মুক্তিৰ অনুমতি দিয়া নহ’ব।
ছবিখনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজনে সংবাদ মাধ্যমত লিখিছে যে, “এই ছবিখনে ছবিগৃহত এজনো দৰ্শক পোৱা উচিত নহয়! এনে অভিনেতাক বৰ্জন কৰক। #আবীৰগুলাল বৰ্জন কৰা উচিত।
উল্লেখ্য যে, আন একাংশই ইয়াক ২০১৬ চনৰ উৰি ছবিৰ সৈতে তুলনা কৰি কয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ মাত্ৰ এমাহৰ পিছতে ফাৱাদেও অভিনয় কৰা এ দিল হাই মুছকিল মুক্তি পাইছিল। ১৮ ছেপ্টেম্বৰত উৰি আক্ৰমণ সংঘটিত হোৱাৰ পিছত ভাৰতত পাকিস্তানী শিল্পীক নিষিদ্ধ কৰা হয়। ৰণবীৰ কাপুৰ, অনুষ্কা শৰ্মা আৰু ঐশ্বৰ্য ৰায় বচ্চন অভিনীত ‘ADHM’ ২৮ অক্টোবৰত ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিছিল।
ইফালে, ফিল্ম ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ (FWICE)-এ পূৰ্বৰ দৰে সকলো পাকিস্তানী শিল্পীক নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। ফিল্ম ফেডাৰেচনে এক বিবৃতি দিয়ে যে, কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত হোৱা জঘন্য আৰু কাপুৰুষাত্মক আক্ৰমণ ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ (এফ ডব্লিউ আই চি ই)-য়ে তীব্ৰ গৰিহণা দিছে।