আমেৰিকাৰ দৰে পাকিস্তানেও অবৈধ শৰণাৰ্থীৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। পাকিস্তানে অবৈধ শৰণাৰ্থী আৰু আফগান নাগৰিক কাৰ্ডধাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ এৰি যাবলৈ শেষ সময়সীমা বান্ধি দিছে।
শুকুৰবাৰে পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে সকলো অবৈধ বিদেশী আৰু আফগান নাগৰিক কাৰ্ডধাৰীক ৩১ মাৰ্চৰ পূৰ্বে দেশ এৰি যাবলৈ কয়। কেৱল এয়াই নহয়, মন্ত্ৰালয়ে সকীয়াই দিছে যে যদি এনে লোকে ৩১ মাৰ্চৰ ভিতৰত দেশ এৰি নাযায় তেন্তে ১ এপ্ৰিলৰ পৰা তেওঁলোকক বিতাড়িত কৰা হ’ব।
পাকিস্তানে নিজৰ সীমাৰ ভিতৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপৰাধৰ বাবে অহৰহ আফগান নাগৰিকক দোষাৰোপ কৰি আহিছে। অৱশ্যে আফগানিস্তানে এই অভিযোগ নাকচ কৰি আহিছে।
পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, পাকিস্তানে উদাৰ আতিথ্য প্ৰদান কৰি আহিছে আৰু দায়িত্বশীল দেশ হিচাপে নিজৰ প্ৰতিশ্ৰুতি আৰু বাধ্যবাধকতা পালন কৰি আহিছে। পুনৰ কোৱা হৈছে যে পাকিস্তানত বাস কৰা ব্যক্তিসকলে সকলো আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব লাগিব।
ৰাষ্ট্ৰসংঘই কয় যে ২০২৩ চনৰ পৰা এতিয়ালৈকে পাকিস্তানৰ পৰা ৮ লাখতকৈ অধিক আফগান নাগৰিকে নিজ দেশলৈ উভতি গৈছে আৰু সামগ্ৰিকভাৱে পাকিস্তানে প্ৰায় ২.৮ কোটি আফগান শৰণাৰ্থীক আশ্ৰয় দিছে। বিগত ৪০ বছৰ ধৰি আফগানিস্তানত চলি থকা সংঘাতৰ সময়ত এইসকল লোক পাকিস্তানলৈ আহিছিল।