শনিবাৰে পাকিস্তানৰ কুৱেটা চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জবল-এ-নুৰৰ সমীপৰ ৱেষ্টাৰ্ণ বায়পাছ অঞ্চলত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ আহিছে।
এই বিস্ফোৰণত ISPRৰ মেজৰ মহম্মদ আনৱাৰ কাকৰৰ মৃত্যু হয়। প্ৰাথমিক তদন্ত অনুসৰি, আৰক্ষীৰ কনভয়ক লক্ষ্য কৰি সংঘটিত কৰা হৈছিল এই বিস্ফোৰণ। বিশেষকৈ মেজৰ কাকৰৰ বাহনক লক্ষ্য কৰিয়েই সংঘটিত কৰা হৈছিল এই আক্ৰমণ।
বিস্ফোৰণৰ ফলত থিতাতে মৃত্যু হোৱা মেজৰ মহম্মদ আনৱাৰ কাকৰ হৈছে হাজী মহম্মদ আকবৰ কাকৰৰ পুত্ৰ।
আৰক্ষীৰ সূত্ৰই নিশ্চিত কৰিছে যে বিস্ফোৰণটো সংঘটিত হৈছে এখন বাহনৰ সমীপত। জবল-এ-নুৰৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত নিৰাপত্তা সংস্থাক সতৰ্ক কৰি দিয়া হৈছে আৰু অঞ্চলটো ছীল কৰা হৈছে।
এই বিস্ফোৰণক নিৰাপত্তাৰক্ষীৰ ভয়াৱহ ভাবুকি হিচাপে দেখা গৈছে। ঘটনাৰ লগে লগে ঘটনাস্থলীত আইন-শৃংখলা সংস্থাসমূহ উপস্থিত হৈ তদন্ত আৰম্ভ কৰা হৈছে।