গ্ৰীচৰ গাভডোছ দ্বীপৰ ওচৰত প্ৰব্ৰজনকাৰী কঢ়িয়াই নিয়া এখন নাও ডুব যোৱাৰ ফলত পাঁচজন পাকিস্তানী নাগৰিকৰ মৃত্যু হয়। এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে পাকিস্তান চৰকাৰে। অৱশ্যে গ্ৰীচৰ প্ৰশাসনৰ তৰফৰ পৰা কয় যে এই দুৰ্ঘটনাত আৰু ৩৫ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।
বৃহস্পতিবাৰে এটা সংবাদ মাধ্যমৰ বাতৰিৰ পৰা এই তথ্য লাভ কৰা হৈছে। ‘ডন’ কাকতৰ বাতৰি অনুসৰি ২০০ৰো অধিক প্ৰব্ৰজনকাৰীক কঢ়িয়াই নিয়া এই নাওখনত কমেও ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০ জনতকৈ অধিক লোকৰ প্ৰাণ ৰক্ষাৰ পৰাৰ বিপৰীতে আন বহু লোক সন্ধানহীন হৈ আছে।
জানিব পৰা অনুসৰি বুধবাৰে নিশা উদ্ধাৰ অভিযান বন্ধ ৰাখিছিল। এই দুৰ্ঘটনাটোত নিখোজ হৈ থকা লোকৰ ভিতৰত ৩৫ গৰাকী পাকিস্তানী নাগৰিক বুলি গ্ৰীচৰ প্ৰশাসনে জানিব দিয়ে।
ইফালে পাকিস্তানী বিষয়াই জনোৱা অনুসৰি, মঙলবাৰে পঞ্জাৱ প্ৰদেশৰ ৫ গৰাকী লোকৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা বুলি নিশ্চিত কৰে। আনহাতে নিৰুদ্দেশ হৈ থকা আন ৩৫ গৰাকী লোকৰো মৃত্যু হোৱা বুলি আশংকা কৰিছে।