• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পঞ্চায়ত নিৰ্বাচনৰ গাইডলাইন! প্ৰাৰ্থীৰ কি কি উপযুক্ত নথি-পত্ৰ সন্দৰ্ভত জানক এই ৩০ টা অতি জৰুৰী নিয়ম…

Nation NE by Nation NE
December 28, 2024
in Top News, অসম
0 0
৫ সমষ্টিত বিজেপিয়ে মাৰিলে শেষ হাঁহি: জানক ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ সবিশেষ
Share on FacebookShare on TwitterWhatsApp

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীক লাগিব বহুপ্ৰকাৰৰ নথি-পত্ৰ।  জানো আহক প্ৰতিদ্বন্দ্বীৰ ৩০ টা অতি জৰুৰী নিয়ম-

গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ প্ৰাৰ্থীৰ অৰ্হতা‌ তথা যোগ্যতা:

ভাৰতীয় সংবিধানৰ ৭৩ তম সংশোধনী জৰিয়তে ২৪.০৪.১৯৯৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্চায়তে সাংবিধানিক মৰ্যাদা লাভ কৰে। সেই অনুসৰি, অসমত ০৬.০৫.১৯৯৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ The Assam Panchayat Act, 1994 আৰু The Assam Panchayat (Constitution) Rules, 1995 প্ৰনয়ন হয়। The Act, 1994 আৰু The Rules, 1995 পৰৱৰ্তী সময়ত কেইবাবাৰো সংশোধন হয়।

পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ বয়স:

(১) গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স ২১ বছৰ হ’ব লাগিব।

(২) প্ৰাৰ্থী/প্ৰাৰ্থীৰ স্বামী/প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ’লে অযোগ্য বিবেচিত হ’ব।

উপযুক্ত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা:

(৩) গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য/সদস্যা পদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী ৰাজ্য চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বোৰ্ড নাইবা পৰিষদৰ পৰা মেট্ৰিক অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

(৪) গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য/সদস্যা পদৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা, বিশেষ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী দশমমান শ্ৰেণীলৈকে পঢ়া হ’ব লাগিব।

(৫) আঞ্চলিক পঞ্চায়তৰ সদস্য/সদস্যা পদৰ সাধাৰণ, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা, বিশেষ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী ৰাজ্য চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বোৰ্ড নাইবা পৰিষদৰ পৰা মেট্ৰিক অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

(৬) জিলা পৰিষদৰ সদস্য/সদস্যা পদৰ সাধাৰণ, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা, বিশেষ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী ৰাজ্য চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বোৰ্ড নাইবা পৰিষদৰ পৰা মেট্ৰিক অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

প্ৰাৰ্থীৰ বিবাহ সম্পৰ্কীয় নিয়ম:

(৭) ১৯.০৩.২০১৮ তাৰিখৰ আগত একক বা একাধিক স্বামী/স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব পাৰিব। ১৯.০৩.২০১৮ তাৰিখৰ পিছত একক বা একাধিক স্বামী/স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব।

(৮) ১৯.০৩.২০১৮ তাৰিখৰ পিছৰ পৰা জয়ী হোৱা প্ৰাৰ্থীয়ে বিবাহ বিচ্ছেদ কৰিলে, বিচ্ছেদ হোৱা পত্নীয়ে পুনৰ বিবাহপাশত আৱদ্ধ নোহোৱাকৈ বিচ্ছেদৰ তাৰিখৰ পৰা ৯ মাহৰ ভিতৰত তৃতীয় সন্তান জন্ম দিলে জয়ী হোৱা প্ৰাৰ্থী অযোগ্য হ’ব।

(৯) ১৯.০৩.২০১৮ তাৰিখৰ পিছত জন্মগ্ৰহণ কৰা দ্বিতীয় সন্তান যমজ শিশু হ’লে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ’ব।

(১০) ১৯.০৩.২০১৮ তাৰিখৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথম সন্তান একাধিক শিশু হ’লে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ’ব।

প্ৰাৰ্থীৰ অন্যান্য যোগ্যতা:

(১১) নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যাক্তি, বৰ্খাস্ত হোৱা তাৰিখৰ পৰা পাঁচ বছৰ পাৰ নহ’লে অযোগ্য বিবেচিত হ’ব।

(১২) দেউলিয়া ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ’ব।

(১৩) The Legal Practitioner Act ৰ মতে টাউট বুলি ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ’ব।

(১৪) চৰকাৰী, চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নাইবা চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত অধিষ্ঠিত ব্যক্তি অযোগ্য বিবেচিত হ’ব।

(১৫) গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পৰা পাৰিশ্রমিক লাভ কৰা ব্যক্তি অযোগ্য বিবেচিত হ’ব।

(১৬) গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ চুক্তিবদ্ধ ঠিকাদাৰ অযোগ্য বিবেচিত হ’ব।

(১৭) The Representation of People Act, 1951ৰ মতে দোষী সাব্যস্ত হোৱা ব্যক্তি, দোষী সাব্যস্ত হোৱা তাৰিখৰ পৰা চাৰি বছৰ পাৰ নহ’লে অযোগ্য বিবেচিত হ’ব।

(১৮) Corrupt Practice ৰ বাবে নিৰ্বাচন বাতিল হোৱা ব্যাক্তি বাতিল হোৱা তাৰিখৰ পৰা চাৰি বছৰ পাৰ নহ’লে অযোগ্য বিবেচিত হ’ব।

(১৯) The Panchayat Act, 1994 আৰু Rules মতে পৰিশোধ কৰিবলগীয়া কৰ, মাছুল আদিৰ ক্ষেত্ৰত বাকিদাৰ ব্যক্তি অযোগ্য বিবেচিত হ’ব।

(২০) সমবায় সমিতিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা ব্যক্তি অযোগ্য বিবেচিত হ’ব।

(২১) নিজৰ বাসস্থানত কাৰ্যকৰ ছেনিটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ’ব।

প্ৰাৰ্থীৰ শপতনামা:

(২২) প্ৰাৰ্থীয়ে মনোনয়ন প্ৰ-পত্ৰৰ লগত শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ সত্যয়িত প্ৰতিলিপি জমা দিব লাগিব। শিক্ষাগত অৰ্হতাৰ সঠিক প্ৰমাণপত্ৰ দেখুৱাব লাগিব।

(২৩) প্ৰাৰ্থীয়ে মনোনয়ন প্ৰ-পত্ৰৰ লগত দাখিল কৰা শপতনামাত নিজৰ বাসস্থানত কাৰ্যকৰ ছেনিটাৰী শৌচালয় থকা বুলি উল্লেখ থাকিব লাগিব।

ভোটাধিকাৰ‌:

(২৪) কোনো ব্যক্তি একাধিক গাওঁ পঞ্চায়তৰ ভোটাৰ হ’ব নোৱাৰিব।

(২৫) কোনো ব্যক্তিয়ে একাধিক গাওঁ পঞ্চায়ত অথবা একাধিক জিলা পৰিষদত ভোটাধিকাৰ প্ৰয়োগ কৰিব নোৱাৰিব।

পঞ্চায়তৰ কাৰ্যকাল:

(২৬) গাওঁ পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা পাঁচ বছৰ।

(২৭) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা পাঁচ বছৰ।

(২৮) জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা পাঁচ বছৰ।

দলত্যাগ বিৰোধী পদক্ষেপ:

(২৯) দলীয় প্ৰতীকত নিৰ্বাচিত হোৱা জিলা পৰিষদৰ সদস্য/সদস্যাই নিজ ইচ্ছাৰে সেই দলত্যাগ কৰিলে অযোগ্য ঘোষিত হ’ব।

(৩০) দলীয় প্ৰতীকত নিৰ্বাচিত হোৱা জিলা পৰিষদ সদস্য/সদস্যাৰ সেই দলৰ ৫০% ৰ কম সদস্য/সদস্যাই দলত্যাগ কৰি অন্য দলত যোগদান কৰিলে অযোগ্য ঘোষিত হ’ব।

(৩১) দলীয় প্ৰতীকত নিৰ্বাচিত হোৱা জিলা পৰিষদৰ সদস্য/সদস্যাই নিজা দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে সভাপতি, উপ-সভাপতি ও স্থায়ী কমিটীৰ সদস্য নিৰ্বাচনত আৰু অনাস্থা প্ৰক্ৰিয়াত ভোটদান কৰিলে নাইবা ভোটদানৰ পৰা বিৰত থাকিলে অযোগ্য ঘোষিত হ’ব।

অন্যান্য:

(৩২) আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীয়ে দলীয় প্ৰতীক ব্যৱহাৰ কৰিব পাৰিব।

Tags: ElectionPanchayatRule

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025