প্ৰায় সকলো মহিলায়েই মাহেকীয়াৰ সময়ত পেটৰ অংশত বিষ, কঁকালৰ বিষ আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সাধাৰণতে প্ৰথম তিনিদিনত এই সমস্যা অধিক হয়। বহু ক্ষেত্ৰত এই বিষ সহ্য কৰাটোও অতি কঠিন হৈ পৰে।
মেডিকেল জাৰ্নেল দ্য নেচাৰ জাৰ্নেলৰ তথ্য অনুসৰি, প্ৰায় ৫০ শতাংশ মহিলাই মাহেকীয়াৰ সময়ত তীব্ৰ বিষ অনুভৱ কৰে। আনকি মহিলাসকলে ইয়াৰ পৰা হাত সাৰিবলৈ বিষনাশক ঔষধো সেৱন কৰে, কিন্তু কিছুমান উপায় আছে যাৰ দ্বাৰা মহিলাসকলে কোনো ঔষধ নোখোৱাকৈ এই সমস্যাৰ পৰা হাত সাৰিব পাৰে।
পিৰিয়ডৰ সময়ত জৰায়ুৰ পেশীবোৰ সংকোচিত হয় আৰু ইয়াৰ ফলত বিষ হয়। সাধাৰণতে মাহেকীয়া আৰম্ভ হোৱাৰ পিছত এদিন বা দুদিনলৈকে এই ৰোগ থাকে। মহিলাৰ দেহত উপস্থিত থকা প্ৰষ্টাগ্লেণ্ডিন হৰম’নৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থও ইয়াৰ কাৰণ।
বিশেষজ্ঞসকলৰ ভাষ্য অনুসৰি, কিছুমান মহিলাৰ পিৰিয়ড ক্ৰেম্পৰ বিষ অতি তীব্ৰ হ’ব পাৰে আৰু ই কেইবাদিনো ধৰি থাকিব পাৰে। এই সময়ছোৱাত মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু ইয়াৰ প্ৰতিৰোধৰ বাবে ঔষধ খোৱাৰ প্ৰয়োজন নাই। খাদ্যাভ্যাস সলনি কৰিও ইয়াক প্ৰতিৰোধ কৰিব পাৰি।
স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ চাঞ্চল শৰ্মাই কয় যে, যদি মহিলাসকলে পিৰিয়ড ক্ৰেম্পৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে পানীৰে সমৃদ্ধ ফল সেৱন কৰিব লাগে। যেনে- নিজৰ খাদ্যত তৰমুজ, শস্য আদি অন্তৰ্ভুক্ত কৰা। ডাৰ্ক চকলেটো পিৰিয়ড ক্ৰেম্প কমোৱাতো সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। দৈ হৈছে এনে এক খাদ্য সামগ্ৰী য’ত প্ৰ’বায়’টিক থাকে, যিয়ে ক্ৰেম্পৰ পৰা সকাহ দিব পাৰে।
ইয়াৰোপৰি সেউজীয়া আৰু সতেজ পাতৰ শাক-পাচলিৰো বহু গুণ আছে। খাদ্যত ব্ৰকলি, কবি আৰু কচু অন্তৰ্ভুক্ত কৰা উচিত। লগতে নিয়মিতভাৱে ধ্যান কৰিব লাগে। দীঘলকৈ উশাহ লব লাগে আৰু যদি এই পদ্ধতিসমূহৰ জৰিয়তে কোনো ধৰণৰ সকাহ পোৱা নাযায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ খাব লাগে। পিছে কোনো ধৰণৰ ঔষধ নিজাববীয়াকৈ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে।