মহৰ সমস্যা নতুন নহয়। আমি মহৰ সমস্যাৰ পৰা হাত সাৰিবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰো। কেতিয়াবা আমি ঔষধ স্প্ৰে কৰো, মহ বিকৃতকাৰী ঔষধ দিওঁ, মহ জাল ব্যৱহাৰ কৰো আৰু ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখোঁ।
কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে, মহৰ আতংকৰ বাবেও এখন দেশৰ চৰকাৰে মহ হত্যাৰ পুৰস্কাৰ ঘোষণা কৰিব।
এইয়া কোনো ধেমালি নহয়, ফিলিপাইনছ চৰকাৰেও একেধৰণৰ কাম কৰিছে। ফিলিপাইনছৰ এখন ঘন জনবসতিপূৰ্ণ চহৰৰ বিষয়াসকলে ডেংগুৰ সংক্ৰমণ ৰোধৰ বাবে মহ হত্যা কৰা লোকসকলক নগদ ধনৰ পুৰস্কাৰ আগবঢ়াইছে।
আচলতে মহৰ পৰা হোৱা ডেংগু ৰোগে কেৱল ফিলিপাইনছৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে। ফিলিপাইনছত ডেংগুৰ বাবে ৫৭৫জন লোকৰ মৃত্যু হৈছে। একে সময়তে WHOৰ তথ্য অনুসৰি, ২০২৪ চনত সমগ্ৰ বিশ্বতে ১০ হাজাৰ লোকৰ মৃত্যু হৈছে ডেংগু ৰোগত। ফিলিপাইনছ কৰ্তৃপক্ষই শেহতীয়াকৈ ঋতুভিত্তিক বৰষুণৰ বাবে সমগ্ৰ দেশতে ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি প্ৰকাশ কৰিছে।
স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, ১ ফেব্ৰুৱাৰীত ২৮,২৩৪টা ক’ভিড কেচ পঞ্জীয়ন কৰা হৈছে, যি বিগতবছৰৰ তুলনাত ৪০ শতাংশ বেছি।
যদিও ছ’চিয়েল মিডিয়াত এই পুৰস্কাৰৰ খবৰক বহুলভাৱে উপহাস কৰা হৈছে, তথাপিও চেৰ্নালে ইয়াক সমাজৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। শেহতীয়াকৈ ফিলিপাইনছত মহৰ দ্বাৰা সংক্ৰমিত ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, কাৰণ চহৰ কৰ্তৃপক্ষই অন্যান্য উপায়েৰে এই ৰোগ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।