গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ ২৮ মাহৰ অন্তত আজি মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যখনৰ চুৰাচান্দপুৰত আয়োজিত এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰবাসীক উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰৰ মনোবলক প্ৰণাম। আপোনালোকৰ মৰম মই কেতিয়াও পাহৰিব নোৱাৰো। মণিপুৰ সেই ৰত্ন যিয়ে সমগ্ৰ উত্তৰ-পূবক জিলিকাই তুলিব।’
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অঞ্চলটো হিংসাই আৱৰি ধৰাটো দুখৰ বিষয়। আশা আৰু বিশ্বাসৰ নতুন দিগন্ত আহিছে। কুকি আৰু মেইটেইৰ মাজত আলোচনা আৰম্ভ হৈছে। মানুহে শান্তিৰ পথ বাছি লৈছে। দশক দশক ধৰি চলি থকা বহু বিবাদৰ অন্ত পৰিছে। শান্তিৰ পথত আগবাঢ়ি যাবলৈ মই আহ্বান জনাম।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে মই প্ৰতিশ্ৰুতি দিছো যে মই মণিপুৰৰ লগত আছো। ভাৰত চৰকাৰ মণিপুৰৰ লগত। আপোনালোকৰ মনত উদ্ভৱ হোৱা চিন্তা দূৰ কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম। মণিপুৰৰ উন্নয়নক পুনৰ সঠিক পথলৈ আনিবলৈ মই আছো। গৃহহীন লোকসকলক সহায়ৰ বাবে ৫০০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে মণিপুৰৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে মণিপুৰৰ জনসাধাৰণৰ লগতে ইয়াৰ পাহাৰত বসবাস কৰা জনজাতীয় সমাজৰ জীৱন আৰু অধিক উন্নত কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে গোষ্ঠীগত সংঘৰ্ষৰ বাবে গৃহহীন হৈ পৰা লোকসকলে বৰ্তমান বাস কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ ভুক্তভোগীৰ মনৰ বতৰা লয়।
উল্লেখ্য যে, উন্নয়নৰ বাৰ্তা লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্য ভ্ৰমণ কৰিব। দুদিনীয়া ভ্ৰমণসূচী লৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ৰাতিপুৱা ১০ বজাত মিজোৰামত উপস্থিত হৈ বিভিন্ন চৰকাৰী অনুষ্ঠানত অংশ লয়।
মিজোৰামৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ চুড়াচান্দপুৰত উপস্থিত হয়। মণিপুৰৰ বিভিন্ন কাৰ্যসূচীৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি ৪.৪০ মিনিটত উপস্থিত হ’ব গুৱাহাটীত। বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজপথেৰে বিশাল কনভয়ৰে ৫.১৫ বজাত খানাপাৰাৰ পশু চিকিৎসালয়ৰ খেলপথাৰত উপস্থিত হ’ব।
খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰত্ন, সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ ডেৰঘণ্টীয়া অনুষ্ঠানত ভাগ লৈ নিশাটো খানাপাৰা ৰাজ্যিক অতিথিশালাত কটাব প্ৰধানমন্ত্ৰী মোদীয়ে।
আনহাতে ১৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও কাৰ্যসূচীৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰিব।