ক্ৰিকেট জগতৰ পৰা কেতিয়াবা এনে কিছু খবৰ দেখিবলৈ বা শুনিবলৈ পাও, যাক বিশ্বাস কৰাটো অত্যন্ত কঠিন হৈ পৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে উত্থাপন হৈছে ডকাইতিৰ অভিযোগ।
যিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে ডকাইতিৰ অভিযোগ উত্থাপন হৈছে সেইগৰাকী ক্ৰিকেটাৰে নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ লগতে দুবাৰকৈ আই চি চি টি-২০ বিশ্বকাপতো অংশগ্ৰহণ কৰিছে।
আমি উল্লেখ কৰি থকা ক্ৰিকেটাৰগৰাকী হৈছে পাপুৱা নিউ গিনি(পিএনজি)ৰ কিপলিং ডোৰিগা। বহু অনুৰাগীৰ বাবে অচিনাকী এইগৰাকী ক্ৰিকেটাৰৰ ২০১৭ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল।
জাৰ্ছিৰ ৰাজধানী ছেইণ্ট হেলিয়াৰ্ছত সংঘটিত হোৱা এটা ডকাইতিৰ ঘটনাৰ সৈতে কিপলিং ডোৰিগাৰ নাম সাঙোৰ খাইছে। পিএনজিৰ দলটোৱে বিশ্বকাপ ক্ৰিকেট চেলেঞ্জ লীগৰ বাবে সেই স্থানত উপস্থিত হৈছিল। এই দলটোৰ সৈতে আছিল কিপলিং ডোৰিগা।
ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, কিপলিং ডোৰিগাই আদালতত হাজিৰ হৈ নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ স্বীকাৰো কৰিছে।
জানিব পৰা অনুসৰি, ২৫ আগষ্টৰ পুৱা ছেইণ্ট হেলিয়াৰ্ছত এই ডকাইতি কাণ্ড সংঘটিত হৈছিল। কিপলিং ডোৰিগাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি গুৰুতৰ, সেয়েহে আদালতে এই গোচৰটো ৰয়েল ক’ৰ্টলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া ২৮ নৱেম্বৰত হাজিৰ হ’ব লাগিব কিপলিং ডোৰিগা। তেতিয়ালৈকে ডোৰিগা আৰক্ষীৰ জিম্মাত থাকিব, কিয়নো পূৰ্বে তেওঁৰ জামিন আবেদন নাকচ কৰা হৈছিল।
কিপলিং ডোৰিগাই নিজ দেশৰ হৈ এইপৰ্যন্ত ৩৯খন এদিনীয়া আৰু ৪৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এদিনীয়াত তেওঁ চাৰিটা অৰ্ধশতকৰ সহায়ত ৭৩০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে টি-২০ তেওঁৰ নামত আছে ৩৫৯ ৰান।