দিল্লী আৰক্ষীৰ বৃহৎ সফলতা। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ক’কেইন। তথ্য অনুসৰি ৫০০ কিলোগ্ৰামতকৈ অধিক ক’কেইন উদ্ধাৰ কৰিছে দিল্লী আৰক্ষীয়ে।
দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে জব্দ কৰা এই নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য ২ হাজাৰ কোটিতকৈও অধিক বুলি কোৱা হৈছে। আজিলৈকে দিল্লী আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ ভিতৰত এইটোৱেই আছিল সৰ্ববৃহৎ সফল অভিযান।
ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ৪জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, এইটো ড্ৰাগছ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেট। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে দক্ষিণ দিল্লীত এই অভিযান চলায়।
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে দিল্লী আৰক্ষীয়ে ড্ৰাগছৰ এটা ঘাটি উখাত কৰিছিল। দিল্লী আৰক্ষীৰ অপৰাধ শাখাই যোৱা ৩০ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। এই অভিযানৰ সময়ত দিল্লী আৰক্ষীয়ে জব্দ কৰিছিল ২২৮ কেজি গাঞ্জা। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্ৰায় ১.১৪ কোটি টকা।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনৰ ভিতৰত এজন আছিল মূল যোগানকাৰী।