ৰাজ্যৰ একাংশ আৰক্ষীৰ কাণ্ডই লজ্জানত কৰিছে সকলোকে। পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত লাগিল ক’লা দাগ। অন কেমেৰাত বন্দী হৈছে কেনেকৈ ট্ৰাকৰ পৰা আৰক্ষীয়ে সংগ্ৰহ কৰিছে গুণ্ডা টেক্স।
এই ঘটনা সংঘটিত হৈছে, কাছাৰৰ বৰখলা টোল গেইটত। নিশা হ’লেই টোল গেটখনত ট্ৰাক আৱদ্ধ কৰি গুণ্ডা টেক্স সংগ্ৰহত নামি পৰে বৰখলা আৰক্ষী। গুৱাহাটীৰ পৰা অহা আৰু শিলচৰৰ পৰা যোৱা প্ৰতিখন ট্ৰাকে দিব লাগে বৰখলা আৰক্ষীক গুণ্ডা টেক্স। গুণ্ডা টেক্স নিদিলে বিভিন্ন অজুহাত দেখুৱাই আটক কৰি ৰাখে এই ট্ৰাক সমূহ। বৰখলা আৰক্ষী চকীৰ একাংশ আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰাই এই অবৈধ কাম কাম চলাই অহাৰ অভিযোগ ভুক্তভোগী চালকসকলৰ।
প্ৰতি নিশা শিলচৰ হাফলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখলা টোল গেইটত গুণ্ডা টেক্স সংগ্ৰহত নামে আৰক্ষী ৷ প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হয় ২০০ পৰা ৫০০ শ টকা ।অসম আৰক্ষীৰ এই দৃশ্যই হতবাক কৰিছে সকলোকে। কিয় বাৰম্বৰ এনে ঘটনা সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এইখন অসমত? কোনে নাকী লগাব এইসকল আৰক্ষীক এইক্ষেত্ৰত এক ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে?