অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান লক্ষ্মণ প্ৰসাদ আচাৰ্যক। ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এখন ৰাজপত্ৰত এই নিৰ্দেশ জাৰি কৰিছে ৰাষ্ট্ৰপতিয়ে। অসমৰ লগতে লক্ষ্মণ প্ৰসাদ আচাৰ্যক মণিপুৰৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। অসমৰ লগতে দেশৰ ৯ খন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিছে ৰাষ্ট্ৰপতিয়ে।
পঞ্জাৱ
ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা ঘোষণা কৰা গুৰুত্বপূৰ্ণ গৱৰ্ণৰ নিযুক্তিৰ অধীনত পঞ্জাৱৰ নতুন ৰাজ্যপাল হিচাপে গুলাৱ চান্দ কাটাৰিয়াক নিযুক্তি দিয়া হৈছে। সমান্তৰালকৈ চণ্ডীগড়ৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে গুলাৱ চান্দ কাটাৰিয়াক।
চিকিম
জ্যেষ্ঠ বিজেপি নেতা ওম প্ৰকাশ মাথুক চিকিমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰিছে।
মহাৰাষ্ট্ৰ
ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।
ঝাৰখণ্ড
ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল হিচাপে সন্তোষ কুমাৰ গংগৱাৰক নিযুক্তি প্ৰদান কৰা হৈছে।
তেলেংগনা
জিষ্ণু দেৱ বাৰ্মাক তেলেংগনাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। জিষ্ণু দেৱ বাৰ্মা হৈছে ত্ৰিপুৰাৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী।
পুডুচেৰী
প্ৰাক্তন আইএএছ বিষয়া কে কৈলাশনাথনক পুডুচেৰীৰ এলটি গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰিছে।
মহাৰাষ্ট্ৰ
ঝাৰখণ্ডৰ পূৰ্বৰ ৰাজ্যপাল তথা তেলেংগানাৰ অতিৰিক্ত দায়িত্ব থকা চি পি ৰাধাকৃষ্ণনক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
ছত্তীশগড়
অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰিছে। মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আছিল ৰমেন ডেকা।
মেঘালয়
মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে চি এইছ বিজয়শংকৰক দায়িত্ব প্ৰদান কৰা হৈছে।











