ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে চাৰিজন বিশিষ্ট ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰে। মনোনীত কৰা ব্যক্তিসকলৰ ভিতৰত আছে প্ৰাক্তন কূটনীতিবিদ হৰ্ষ শৃংলা, জ্যেষ্ঠ অধিবক্তা উজ্জ্বল নিকম, ইতিহাসবিদ মীনাক্ষী জৈন আৰু সমাজকৰ্মী সদানন্দন মাষ্টৰ।
এতিয়া জানো আহক ৰাজ্যসভালৈ মনোনীত হোৱা ব্যক্তি কেইগৰাকীৰ বিষয়ে কিছু কথা
হৰ্ষ শৃংলা
হৰ্ষ শৃংলা ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক কূটনীতি আৰু কৌশলগত বিষয়ৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়।
উজ্জ্বল নিকম
উজ্জ্বল নিকমক দেশৰ সুপৰিচিত বিশেষ চৰকাৰী অধিবক্তাসকলৰ ভিতৰত গণ্য কৰা হয়। নিকমে বহু হাই-প্ৰফাইল আৰু সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰত প্ৰভাৱশালী ভূমিকা পালন কৰিছে। ১৯৯১ চনত কল্যাণ বোমা বিস্ফোৰণৰ গোচৰত তেওঁ মূল অভিযুক্ত ৰবিন্দৰ সিঙক দোষী সাব্যস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ইয়াৰ পিছত ১৯৯৩ চনৰ মুম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত ৰাজ্য চৰকাৰৰ হৈ বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰে, যিটো তেওঁৰ কেৰিয়াৰৰ এক ডাঙৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয়।
নিকমে ১৪ বছৰতকৈ অধিক সময় টাডা আদালতত কাৰ্যনিৰ্বাহ কৰি সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰত বিচাৰৰ নেতৃত্ব দিছিল। তেওঁৰ আটাইতকৈ বিখ্যাত গোচৰটো আছিল ২০০৮ চনৰ ২৬/১১ মুম্বাই আক্ৰমণ, য’ত তেওঁ পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছাবৰ বিৰুদ্ধে চৰকাৰৰ হৈ কঠোৰভাৱে যুক্তি প্ৰদৰ্শন কৰিছিল।
ড০ মীনাক্ষী জৈন
মীনাক্ষী জৈন মধ্যযুগীয় আৰু ঔপনিৱেশিক ভাৰতৰ এগৰাকী প্ৰখ্যাত ইতিহাসবিদ। দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্গী মহাবিদ্যালয়ৰ ইতিহাসৰ প্ৰাক্তন সহযোগী অধ্যাপিকা, নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ প্ৰাক্তন ফেলো আৰু ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ গভৰ্নিং কাউন্সিলৰ প্ৰাক্তন সদস্য। বৰ্তমান ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ জ্যেষ্ঠ ফেলো। ২০২০ চনত ড০ মীনাক্ষী জৈনে তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰে।
সদানন্দন মাষ্টৰ
দশক দশক ধৰি শিক্ষা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত কাম কৰি আহিছে সদানন্দন মাষ্টৰে। বিশেষকৈ অভাৱগ্ৰস্ত শ্ৰেণী, অনুসূচিত জাতি আৰু জনজাতিসকলৰ মাজত তেওঁ শিক্ষা আৰু সামাজিক সচেতনতাক প্ৰসাৰিত কৰিছে।