আজিৰ পৰা সমগ্ৰ দেশতে এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। তেল বিপণন কোম্পানীয়ে গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে। অৰ্থাৎ আজিৰ পৰা ১৯ কেজিৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য প্ৰায় ২৪ টকা হ্ৰাস পাইছে।
বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ বাবে লাভৱান হ’ব ৰেষ্টুৰেণ্ট, হোটেল, ধাবাৰ দৰে প্ৰতিষ্ঠানসমূহ। কিন্তু ইয়াৰ বিপৰীতে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।
উল্লেখ্য যে এই নতুন সিদ্ধান্ত ১ জুন, দেওবাৰৰ পৰা সমগ্ৰ দেশত কাৰ্যকৰী হ’ব। ইয়াৰ পিছত এতিয়া দেশৰ ৰাজধানী দিল্লীত ১৯ কেজিৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰ ১৭২৩.৫০ টকাত উপলব্ধ হ’ব।
এপ্ৰিল আৰু মে’ মাহতো হ্ৰাস পাইছিল মূল্য
এইবাৰকে ধৰি একেৰাহে তৃতীয় মাহত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে মে’ মাহত ১৪.৫ টকা আৰু এপ্ৰিল মাহত ৪১ টকা হ্ৰাস পাইছিল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।