গুজৰাটৰ আমৰেলীত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বিমান। এই বিমানখন আছিল এটা ব্যক্তিগত কোম্পানীৰ আৰু ইয়াক পাইলটৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত এই বিমানখনত দুজন পাইলট আছিল আৰু ইয়াৰে এজনৰ মৃত্যু হয় আৰু আনজন গুৰুতৰভাৱে আহত হৈছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিমানখনত থকা দুয়োজন পাইলটৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছিল। কিন্তু পিছত প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে এজন পাইলটৰ মৃত্যু হৈছে আৰু আনজন আহত হয়।
আমৰেলী অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
ইফালে ঘটনাস্থলত উপস্থিত হোৱা এজন অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জানিব দিয়া অনুসৰি, দুপৰীয়া প্ৰায় ১২.৫২ বজাত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰিছিলো। লগে লগে সেই স্থানত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হয়।
তেওঁ কয়, ‘জুই নিয়ন্ত্ৰণ কৰা হৈছে। বিমানখনৰ ভিতৰত পাইলটত দেখা পোৱা গৈছিল। পাইলট দুজনক হাস্পতাললৈ লৈ যোৱা হৈছিল, কিন্তু এজনৰ মৃত্যু হয়।’