মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। ইন্দ্ৰায়নী নদীত নিৰ্মিত দলঙৰ আধা অংশ ভাঙি উটি গৈছে। দলংখন খহি পৰাৰ সময়ত তাৰ ওপৰত বহু লোক উপস্থিত আছিল।
বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে। এই দুৰ্ঘটনাত ২৫ৰ পৰা ৩০জন লোকক উটুৱাই নিয়াৰ খবৰ পোৱাৰ বিপৰীতে নদীত উটি যোৱা ৫ৰ পৰা ৭জন লোকক উদ্ধাৰ কৰা হৈছে। এই দুৰ্ঘটনাত এতিয়ালৈকে ২ জন লোকৰ মৃত্যু হৈছে বুলি খবৰ আহিছে।
জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে ১৫ জুনৰ বিয়লি প্ৰায় ৩.৩০ বজাত। পিম্পৰী-চিঞ্চৱাদ আৰক্ষী আয়ুক্তৰ তালেগাওঁ দভাডে আৰক্ষী উপস্থিত হৈছে। দেওবাৰৰ বাবে দলঙখনত বৃহৎ সংখ্যক পৰ্যটক উপস্থিত আছিল। কিছুমান মানুহ দলঙৰ ওপৰতেই থিয় হৈ আছিল।বৰ্তমানলৈকে প্ৰায় ৩০ লোকক উটুৱাই নিয়াৰ খবৰ আহিছে।