জুৰীয়াৰ মাহেৰীপাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিত জাহ যায় ৩টাকৈ পকী ঘৰৰ লগতে মুঠ ৬ টাকৈ পৰিয়ালৰ বাসগৃহ।
এই অগ্নিকাণ্ডত গুলজাৰ হুছেইনৰ লগতে মজনু আহমেদ, ইক্ৰামুল হুছেইন ,নজমুল হুছেইন আৰু ইছমাইল আলীৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়।
চিলিণ্ডাৰৰ গেছ নিৰ্গত হৈ থকাৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিত জাহ যায় বাসগৃহ কেইটাত থকা নথি-পত্ৰ সহ প্ৰায় ৫০ লক্ষাধিক টকাৰ সা-সম্পত্তি। মাহেৰীপাৰৰ গুলজাৰ হুছেইন নামৰ লোক গৰাকীৰ বাসগৃহৰ পৰাই অগ্নিৰ সূত্ৰপাত ঘটে।
পিছত ঘটনা স্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ চুবুৰীয়া আন বাসগৃহসমূহ ৰক্ষা কৰে।
পিছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতো অক্ষত অৱস্থাত থাকে পৱিত্ৰ কোৰাণ। আচৰিত যেন লাগিলেও এয়াই সত্য। কোৰাণ শ্বৰীফৰ এখিলাও পাতৰ কোনো ক্ষতি নহয় এই ভয়ংকৰ অগ্নিকাণ্ডত। পৱিত্ৰ কোৰাণৰ মহত্বৰ উল্লেখ কৰে মাহেৰীপাৰৰ এগৰাকী জেষ্ঠ লোকে।