মহাৰাষ্ট্ৰ চৰকাৰৰ এটা সিদ্ধান্তৰ পিছতেই ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে। কিয়নো দীঘলীয়া সময়ৰ অন্তৰালত একেখন মঞ্চতে দেখিবলৈ পাব ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ প্ৰধান ৰাজ থাকৰেক। ইয়াৰ আঁৰতে হৈছে মাৰাঠী পৰিচয়।
উল্লেখ্য যে, মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত হিন্দী ভাষাক জোৰ জবৰদস্তি জাঁপি দিয়াৰ অভিযোগ উত্থাপন কৰিছে থাকৰে ভাতৃদ্বয়ে।
অলপতে দেবেন্দ্ৰ ফড়নবীশ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছিল যে মাৰাঠী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে তৃতীয় ভাষা হিচাপে হিন্দী ভাষা পঢ়োৱাৰ কথা উল্লেখ কৰিছিল।
চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে বিৰোধী দলসমূহৰ মাজত তীব্ৰ ক্ষোভ-অসন্তুষ্টি দেখা দিয়া পৰিলক্ষিত হৈছে।
নতুন শিক্ষা নীতি অনুসৰি মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ত হিন্দী ভাষাক তৃতীয় ভাষা হিচাপে ৰাখিছে মহাৰাষ্ট্ৰ চৰকাৰে। চৰকাৰে এই বিকল্পও দিছে যে এটা শ্ৰেণীৰ ২০ গৰাকী শিক্ষাৰ্থীয়ে যদি হিন্দীৰ সলনি আন যিকোনো ভাষা পঢ়িব বিচাৰে, তেতিয়া তেওঁলোকক সেই ভাষা শিকোৱা হ’ব। মহাৰাষ্ট্ৰৰ বিৰোধী দলসমূহে এই সিদ্ধান্তক মাৰাঠী ভাষা নিৰ্মূলৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।
ইয়াৰ প্ৰতিবাদত ৰাজ থাকৰে আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে এতিয়া একেলগে ৰেলী উলিয়াব। ইয়াৰ পূৰ্বে উদ্ধৱ থাকৰেই ৬ জুলাইত আৰু ৭ জুলাইত ৰাজ থাকৰেই ৰেলী উলিওৱাৰ সিদ্ধান্ত লৈছিল যদিও ৰাজ থাকৰেই ফোন কৰি পৃথকে পৃথকে ৰেলী উলিয়াবলৈ আপত্তি দৰ্শায়।
এই ফোন কলৰ পিছতেই ৫ জুলাইত দুয়ো পক্ষই একেলগে ৰেলী উলিওৱাৰ বাবে ঐক্যমতত উপনীত হয়। এতিয়া ৫ জুলাইত দুয়োজন ভাতৃয়ে একেলগে ৰেলী উলিয়াব।
উল্লেখ্য যে, উদ্ধৱ থাকৰেৰ ওপৰত ক্ষুন্ন হৈ ৰাজ থাকৰেই ২০০৫ চনৰ ২৭ নৱেম্বৰত শিৱসেনাৰ পৰা পদত্যাগ কৰি ২০০৬ চনৰ ৯ মাৰ্চত মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনা গঠন কৰিছিল।