ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত উইকেটকীপাৰ বেটাৰ ঋষভ পন্তে দৰ্শনীয় শতকীয় ইনিংছেৰে ইতিহাস ৰচিবলৈ সক্ষম হৈছে। পন্ত ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা উইকেটকীপাৰ বেটাৰত পৰিণত হ’ল। এইটো আছিল পন্তৰ সপ্তমটো শতকীয় ইনিংছ।
পন্তে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নামত থকা ৬টা শতকৰ অভিলেখ ভংগ কৰে। ইফালে এই শতকীয় ইনিংছটোৰ জৰিয়তে পন্তে আন কেইবাটাও অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।
পন্তে ১০টা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত শতক সম্পূৰ্ণ কৰে। ইংলেণ্ডৰ ভূমিত পন্তৰ এইটো তৃতীয়টো শতক। পন্তে টেষ্ট কেৰিয়াৰত এতিয়ালৈকে বিদেশৰ ভূমিত ৫টা আৰু ঘৰৰ ভূমিত ২টা শতক অৰ্জন কৰে। ইয়াৰ উপৰি ইংলেণ্ডৰ ভূমিত ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৩টা শতক অৰ্জন কৰাৰো অভিলেখ গঢ়ে পন্তে।
২০ জুনৰ পৰা লীডছৰ হেডিংলে ষ্টেডিয়ামত আৰম্ভ হোৱা শৃংখলাৰ প্ৰথমখন মেচত ঋষভ পন্তে অধিনায়ক শুভমন গিলৰ সৈতে মিলি ডাঙৰ পাৰ্টনাৰশ্বিপ দিয়ে। অধিনায়ক গিলে ১৪৭ আৰু পন্তে ১৩৪ ৰানৰ ইনিংছ খেলি আউট হয়। ইফালে যশস্বী জয়ছৱালেও ১০১ ৰানৰ দৰ্শনীয় শতকীয় ইনিংছ খেলে।
বাতৰি লিখা পৰ্যন্ত ভাৰতে প্ৰথম ইনিংছত ৭টা উইকেট হেৰুৱাই ৪৫৪ ৰান সংগ্ৰহ কৰিছে।