ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন ৰবিন উথাপ্পাই নৱবৰ্ষৰ পূৰ্বে ডাঙৰ সকাহ পালে। উথাপ্পাৰ গ্ৰেপ্তাৰৰ পৰোৱানা সাময়িকভাৱে স্থগিত ৰখা হৈছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিলে উথাপ্পাৰ গ্ৰেপ্তাৰৰ পৰোৱানা।
উথাপ্পাৰ বিৰুদ্ধে প্ৰভিডেণ্ট ফাণ্ড (পি এফ) গোচৰত জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল, যাৰ বাবে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছিল।
মঙলবাৰে (৩১ ডিচেম্বৰ) কৰ্ণাটক উচ্চ ন্যায়ালয়ে উথাপ্পাৰ ৱাৰেণ্ট স্থগিত ৰাখে। ন্যায়াধীশ সুৰজ গোবিন্দৰাজ নেতৃত্বাধীন বিচাৰপীঠে এই সকাহ দিয়ে প্রাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক। ৱাৰেণ্টৰ উপৰি উথাপ্পাৰ বিৰুদ্ধে পিএফৰ গোচৰৰ সৈতে জড়িত সকলো গোচৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিয়া হৈছিল।
উথাপ্পাৰ বিৰুদ্ধে জাৰি কৰা ৱাৰেণ্ট আৰু ধন আদায়ৰ বাবে প্ৰেৰণ কৰা জাননীৰ বিৰুদ্ধে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ হৈ আবেদন দাখিল কৰা হৈছিল।
উল্লেখ্য যে আঞ্চলিক পি এফ আয়ুক্ত আৰু আৰোগ্য বিষয়াৰ নিৰ্দেশত বেংগালুৰু আৰক্ষীয়ে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰে।
উল্লেখ্য যে, প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ বিৰুদ্ধে এটি কাপোৰ কোম্পানীৰ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডত জমা কৰিবলগীয়া ধন জমা নকৰাৰ অভিযোগ উত্থাপন হৈছে। ২৭ ডিচেম্বৰৰ ভিতৰত প্ৰায় ২৪ লাখ টকা জমা দিবলগীয়া আছিল উথাপ্পা।
ৰবীন উথাপ্পা চেঞ্চুৰীজ লাইফষ্টাইল ব্ৰেণ্ড প্ৰাইভেট লিমিটেড নামৰ কাপোৰ কোম্পানীৰ ডিৰেক্টৰ পদত অধিষ্ঠিত হৈ আছে। এই কোম্পানীটোৰ ২৩ লাখ ৩৬ হাজাৰ ৬০২ টকা নিয়ম অনুসৰি প্ৰভিডেণ্ট ফাণ্ডত জমা দিয়া নাছিল।