আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনৰ সৈতে সংগতি ৰাখি বিগত বৰ্ষবোৰৰ দৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেল পথাৰত মুকলি ৰংজালী বৈশাগুৰ আয়োজন কৰে।
এবছুৰ মুকলি ৰংজালী বৈশাগু উপলক্ষে জ্যেষ্ঠসকলক আৰ’ণাইৰে সম্বৰ্ধনা জনাই সেৱা-শ্ৰদ্ধা জনোৱা হয়।
উল্লেখ্য মুকলি বৈশাগুত অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো, কোকৰাঝাৰ আৰু গোসাইগাঁৱৰ বিধায়ক ক্ৰমে লৰেন্স ইছলাৰী আৰু জিৰণ বসুমতাৰীয়েও বৈছাগু গীতৰ তালে তালে নৃত্য-গীত পৰিৱেশন কৰি ৰংজালী বৈছাগু আৰু ৰঙালীৰ ৰঙেৰে ৰঙীয়াল হৈ পৰা দেখা যায়।