পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধই। যুদ্ধবিৰতিক প্ৰত্যাখান কৰি অহা শক্তিধৰ ৰাছিয়াৰ সেনাই সোমবাৰে নিশা ইউক্ৰেইনত চলাইছে বৃহৎ আক্ৰমণ।
ৰাছিয়াৰ তৰফৰ পৰা ইউক্ৰেইনৰ এখন কাৰাগাৰত বিমানেৰে ভয়ংকৰ আক্ৰমণ কৰাত কমেও ১৭ জন কয়দী নিহত হোৱাৰ লগতে ৮০ জনতকৈ অধিক লোক আহত হৈছে। ইউক্ৰেইনৰ শীৰ্ষ বিষয়াসকলে এই কথা জনায়।
ইউক্ৰেইনৰ দক্ষিণ-পূব জাপৰিজিয়া অঞ্চলৰ এখন কাৰাগাৰক লক্ষ্য কৰি ৰাছিয়াই বিমান আক্ৰমণ চলাইছে। ইউক্ৰেইনৰ ষ্টেট ক্রিমিনেল এক্সিকিউটিভ চাৰ্ভিচৰ মতে, সোমবাৰে গভীৰ নিশা এই আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণৰ সময়ত কাৰাগাৰৰ লক্ষ্য কৰি চাৰিটা বোমা নিক্ষেপ কৰা হয়।
বিষয়াসকলে জনোৱা মতে, সংকটজনক অৱস্থাত কমেও ৪২ জন কয়দীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰ উপৰিও আন ৪০ জন লোকে আন ধৰণৰ আঘাতৰ সন্মুখীন হৈছে।
ইউক্ৰেইনৰ ষ্টেট ক্রিমিনেল এক্সিকিউটিভ চাৰ্ভিচে কয় যে এই আক্ৰমণৰ ফলত কাৰাগাৰৰ ডাইনিং ৰুম ধ্বংস হোৱাৰ লগতে প্ৰশাসনিক ভৱনটোৰ ক্ষতিসাধন হ।
ইফালে ইউক্ৰেইনৰ বিষয়াসকলে এই আক্ৰমণক গৰিহণা দি কয় যে কাৰাগাৰৰ দৰে অসামৰিক কাঠামোক লক্ষ্য কৰি লোৱাটো আন্তঃৰাষ্ট্ৰীয় সন্ধিৰ অধীনত যুদ্ধা অপৰাধ।