কামৰূপ আৰক্ষীৰ বিশেষ সফলতা। কিয়নো কামৰূপ আৰক্ষীৰ বিশেষ অভিযানত গুৱাহাটীৰ ধীৰেনপাৰা মিলনপুৰৰ ভাৰাঘৰৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়।
উত্তৰ প্ৰদেশৰ ছলমান খান নামৰ এজন গভাইত চোৰে গুৱাহাটীৰ ভাৰাঘৰৰ পৰা চলাই গৈছিল এই কৰ্ম। গোপন সূত্ৰৰ পম খেদি ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় Remote Radio Unitৰ বিভিন্ন সামগ্ৰী।
এই চুৰি সামগ্ৰী সমূহ দিল্লী হৈ বাংলাদেশ,আফ্ৰিকা লৈ সৰবৰাহৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে প্ৰায় ৫০ লাখ টকাৰ ১৩ টা ইউনিট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কামৰূপৰ ASP কল্যাণ পাঠক আৰু ছয়গাঁও আৰক্ষীৰ থানাৰ অ’চি ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই অভিযান। ইতিমধ্যে ছয়গাঁও আৰক্ষী থানাত 289/24u/s 305/317/112BNS নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।