আমেৰিকাৰ নিৰ্বাচনত আকৌ এবাৰ হেকাৰৰ বিষয়ে আলোচনা কৰা হৈছে। শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰচাৰ অভিযানত অনুপ্ৰৱেশৰ খবৰ পোহৰলৈ আহিছে। চীনৰ ‘ছল্ট টাইফুন’ গোটে নিৰ্বাচনী প্ৰচাৰ হেক কৰি তথ্য চুৰি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
আমেৰিকাৰ নিৰ্বাচনত হেকাৰৰ বিষয়টো নতুন নহয়। আনকি মার্কিন ৰাষ্ট্রপতি নির্বাচনত বিদেশী বাহিনীয়ে হস্তক্ষেপ কৰিবলৈ চেষ্টা চলাইছে বুলি সময়ে সময়ে এই নির্বাচনত চর্চা চলি আহিছে৷
শেহতীয়াকৈ, চীনৰ হেকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ ৰানিং মেট জে ডি ভেন্সকে ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ যোগাযোগক লক্ষ্য কৰি লৈছে। চীনৰ ‘ছল্ট টাইফুন’ গোটে নিৰ্বাচনী প্ৰচাৰ হেক কৰি তথ্য চুৰি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
নিউয়ৰ্ক টাইমছৰ মতে, গোটটোৱে যোগাযোগ নেটৱৰ্কত অনুপ্ৰৱেশ কৰিছিল আৰু ডাঙৰ ডাঙৰ সেৱাসমূহৰ পৰাও গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰাৰ চেষ্টা কৰিছিল। খবৰ অনুসৰি, এই হেকাৰ গোটৰ লক্ষ্য কেৱল ট্ৰাম্পৰ প্ৰচাৰেই নহয়, ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু তেওঁৰ সহযোগী প্ৰাৰ্থী টিম ৱালজো।
আমেৰিকাৰ নিৰ্বাচনলৈ মাজত বাকী আছে মাত্ৰ কেইটামান দিন। যি সময়ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ গুৰুত্বপূৰ্ণ তথ্য ফাদিল হৈছে, সেই সময়ত আমেৰিকাই চাইবাৰ নিৰাপত্তাৰ ওপৰত কঠোৰ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পূৰ্বেও ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানে ৰাছিয়া আৰু ইৰাণে নিৰ্বাচনত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
ছল্ট টাইফুন কি?
চীন চৰকাৰৰ সমৰ্থিত হেকাৰ গ্ৰুপ বুলি গণ্য কৰা মাইক্ৰ’ছফ্টৰ চাইবাৰ ছিকিউৰিটি টিমে এই হেকাৰ গোটক ছল্ট টাইফুন নাম দিছে। মাইক্ৰ’ছফটে চীনৰ হেকাৰ গোটসমূহক ‘টাইফুন’ বুলি কয়। আনহাতে ইৰাণৰ চাইবাৰ হেকাৰৰ বাবে ‘চেণ্ডষ্টৰ্ম’ আৰু ৰাছিয়াৰ চাইবাৰ হেকাৰৰ বাবে ‘ব্লিজাৰ্ড’ শব্দটো ব্যৱহাৰ কৰা হয়। এই প্ৰসংগত SALT শব্দটোৱে কৰ্পৰেট ডাটা চুৰি বা আৰ্থিক জালিয়াতিৰ সৈতে জড়িত পৰম্পৰাগত চাইবাৰ অপৰাধৰ পৰিৱৰ্তে চোৰাংচোৱাৰ ওপৰত বিশেষ মনোনিৱেশ কৰাটো প্ৰতিফলিত কৰে।